গুৱাহাটী,২৪ মে': উত্তৰাখণ্ডত হৈ থকা প্ৰৱল ধুমুহা,বৰষুণ আৰু তুষাৰপাতৰ বাবে সোমবাৰে চাৰি ধাম যাত্ৰাৰ অন্যতম কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিয়া হয়। কেদাৰনাথ বন্ধ হ’লেও গঙ্গোত্ৰী, যমুনোত্ৰী, হেমকুণ্ড চাহিব আৰু বদ্ৰীনাথৰ তীৰ্থযাত্ৰা অব্যাহত থাকিব। সোমবাৰে মাত্ৰ ৫,০০০ তীৰ্থযাত্ৰীকহে দৈনিক মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছিল।হেমকুণ্ড চাহিব মেনেজমেণ্ট ট্ৰাষ্টৰ উপ-সভাপতি এন.এছ বিন্দ্ৰাই কয়, "মন্দিৰৰ পৰ্টেল খোলাৰ দিনা হেমকুণ্ড চাহিবত পাতলকৈ তুষাৰপাত হৈছিল কিন্তু ইয়ে এই যাত্ৰাত কোনো প্ৰভাৱ পেলাব পৰা নাই।"
জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ৰুদ্ৰপ্ৰয়াগতেই তীৰ্থযাত্ৰা বন্ধ কৰিছিল।জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া এন.কে ৰাজৱাৰে কয় যে ধাৰাসাৰ বৰষুণৰ বাবে উশিমথ, সোনপ্ৰয়াগ আৰু গৌৰীকুণ্ডত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলক পৰৱৰ্তী ঘোষণা নোহোৱালৈকে তাত থাকিবলৈ কোৱা হৈছিল। ১০,০০০ তকৈও অধিক তীৰ্থযাত্ৰীয়ে এই যাত্ৰা পুনৰ আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছে।
Comments