ডিমৌ,২৪মে':ৰাজ্যৰ শিৱসাগৰকে ধৰি ১২ খন জিলাত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মাজতে ডিমৌৰ বিদ্যালয়ত আজি এক অঘটন সংঘটিত হয়। ডিমৌ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাতে সহকাৰী শিক্ষক তথা গুণোৎসৱৰ ন'ডেল শিক্ষক গড়ভগা গাঁৱৰ অমৰজিত দত্তই বিদ্যালয়ৰ শ্ৰেণীকোঠাতে হঠাৎ ঢলি পৰি অকস্মাৎ মৃত্যুক আকোঁৱালি লোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৈশৱ ৰাজমেধিয়ে জানিবলৈ দিয়া মতে, শ্ৰেণীকোঠাত পাঠদান কৰি থকাৰ সময়তে শিক্ষকজনে হঠাতে ঢলি পৰি মৃত্যুক সাৱটি লয়৷ যোৱা ২৩ মে'ত গুণোৎসৱৰ স্ব-মূল্যায়নত শিক্ষকজনে দায়িত্ব পালন কৰিছিল । ইফালে বিদ্যালয়খনত এদিনৰ পিছতে অৰ্থাৎ ২৬মে’, বৃহস্পতিবাৰে গুণোৎসৱ হোৱাৰ কথা আছিল যদিও শিক্ষকজনৰ অকাল বিয়োগে বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত কৰাত অনিশ্চয়তাই দেখা দিছে৷ সহকাৰী শিক্ষক অমৰজিত দত্তৰ শাৰীৰিক অসুস্থতাৰ ফলতে মৃত্যু হোৱাৰ অনুমান কৰা হৈছে ।পুৱা শিক্ষকজনে ডিমৌ নহাটৰ বাসগৃহৰ পৰা মটৰচাইকেলেৰে বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক পাঠদান আগবঢ়াইছিল ।আজি শিক্ষকজনৰ আকস্মিক মৃত্যুত শিক্ষকসমাজে গভীৰ শোক প্ৰকাশ কৰিছে ।
Comments