Classifieds
View All
গুৱাহাটী,২৪ মে':চাৰধাম যাত্ৰাত ভক্তসকলৰ মৃত্যু অব্যাহত আছে। মে' মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা এই যাত্ৰাৰ পিছত এতিয়ালৈকে ৬০ জন ভক্তৰ মৃত্যু হৈছে। উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগৰ সঞ্চালক প্ৰধান ড০ শৈলজা ভাটে কয়, "৩ মে'ৰ পৰা আৰম্ভ হোৱা চাৰধামা যাত্ৰাত এতিয়ালৈকে ৬০ জন ভক্তৰ মৃত্যু হৈছে। যাত্ৰা পথত ভক্তসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।"
৩ মে'ত অক্ষয় তৃতিয়াৰ দিনা গঙ্গোত্ৰী আৰু যমুনোত্ৰী মুকলি কৰা হৈছিল আনহাতে কেদাৰনাথ যাত্ৰা ৬ মে'ত আৰম্ভ কৰা হৈছিল। একে সময়তে দুদিনৰ পিছত ৮ মে'ত বদ্ৰীনাথৰ যাত্ৰা আৰম্ভ হৈছিল।চাৰধাম যাত্ৰাত ভক্তসকলৰ বৰ্ধিত ভিৰ প্ৰশাসনৰ বাবে সমস্যা হৈ পৰিছে। ৰাজ্য প্ৰশাসনে গুৰুতৰভাৱে অসুস্থ লোকসকলক ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছিল, লগতে ভিৰ ব্যৱস্থাপনাৰ বাবে অনলাইন পঞ্জীয়ন বাধ্যতামূলক কৰিছিল।
Comments