গুৱাহাটী, ২৪ মেঃভাৰতত মাঙ্কিপক্স ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই ১২ খন দেশত কমেও ৯২ টা মাঙ্কিপক্স ভাইৰাছৰ ঘটনা আৰু ২৮ টা সন্দেহজনক ঘটনা নিশ্চিত হোৱাবুলি ঘোষণা কৰাৰ এদিন পিছত, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।
কেন্দ্ৰই ইতিমধ্যে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (এনচিডিচি) আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক (আইচিএমআৰ) আন দেশৰ পৰা প্ৰতিবেদিত হোৱা মাঙ্কিপক্সৰ ঘটনাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।ইউৰোপ আৰু আমেৰিকালৈ এই ভাইৰাছ বিয়পি পৰাৰ পাছত আন তিনিখন নতুন দেশলৈ বিয়পি পৰিছে।
ভাৰতত মাঙ্কিপক্সৰ কোনো ঘটনা প্ৰতিবেদিত হোৱা নাই, কিন্তু আন দেশত বিয়পি পৰা ঘটনাবোৰৰ প্ৰতি লক্ষ্য ৰাখি, বিভাগটোৱে ৰাজ্যসমূহক সতৰ্ক হ'বলৈ কৈছে।উল্লেখযোগ্য যেমাঙ্কিপক্স ধৰা পৰা দেশৰ পৰা ৰাজ্যলৈ উভতি অহা এজন ব্যক্তিৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।গোলকীয় স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে অনাগত দিনত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
Comments