Classifieds
View All
গুৱাহাটী,২৩ মে':উত্তৰ প্রদেশৰ বহু মছজিদৰ লাউডস্পিকাৰ পৰিহাৰ কৰা হৈছে অথবা মছজিদ কর্তৃপক্ষই লাউডস্পিকাৰৰ শব্দ কম কৰি দিছে । মছজিদৰ পৰা আঁতৰাই দিয়া লাউডস্পিকাৰবোৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্কুল আৰু চিকিৎসালয়ত দান কৰা হৈছে । দেওবাৰে এটা অনুষ্ঠানত বক্তৃতা দিয়াৰ সময়ত এই কথা জনালে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ।
আৰএছএছ-ৰ আয়োজিত এই অনুষ্ঠানত আদিত্যনাথে কয়, ‘‘আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া পথত ঈদৰ নামাজ পঢ়িব নোৱাৰি । মছজিদৰ লাউডস্পিকাৰৰ শব্দ হয় কম কৰি দিয়া হৈছে নহয় লাউডস্পিকাৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে । এতিয়া এই লাউডস্পিকাৰবোৰ স্কুল আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰিবৰ বাবে দান কৰা হৈছে।”
Comments