গুৱাহাটী, ২৪ মেঃ শ্ৰীলংকাত ইন্ধনৰ গভীৰ সংকটে দেখা দিছে। এনে সময়ত এক শোকাবহ ঘটনা পোহৰলৈ আহিছে, যাৰ ফলত বাহনত তেল ভৰাব নোৱাৰাত এটি দুদিনীয়া নৱজাতকে কৰুণ মৃত্যুক সাৱতি ল'ব লগা হয়।
দিয়াতলাৱা চিকিৎসালয়ৰ ন্যায়িক চিকিৎসা বিষয়া (জেএমঅ') শনাকা ৰোশন পাথিৰানাই নৱজাতকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু হৃদয়স্পৰ্শী কাহিনীটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। য'ত তেওঁ উল্লেখ কৰে যে, "ৰাজধানী কলম্বোৰ পৰা প্ৰায় ১৯০ কিলোমিটাৰ দূৰত থকা হালদামুলাত এহাল পিতৃ-মাতৃয়ে তেওঁলোকৰ দুদিনীয়া কেঁচুৱাটোক চিকিৎসালয়লৈ লৈ যাব বিচাৰিছিল, কিয়নো কেঁচুৱাটোৰ শৰীৰত জণ্ডিছৰ লক্ষণ দেখা দিছিল আৰু স্তনপান কৰা নাছিল।"
"ইন্ধনৰ সংকটৰ বাবে, শিশুটোৰ দেউতাকে কেইবা ঘণ্টাও ধৰি পেট্ৰ'ল বিচাৰি আছিল। যেতিয়া শিশুটো অৱশেষত হালদামুলাৰ এখন চিকিৎসালয়ত উপস্থিত হয়, চিকিৎসকে কেঁচুৱাটোক দিয়াটালৱা চিকিৎসালয়ৰ জৰুৰীকালীন চিকিৎসা গোটলৈ (ইটিইউ) স্থানান্তৰ কৰিব লগা হয়। কেঁচুৱাটোক ভৰ্তি কৰাত পলম হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু হয়।"
সামাজিক পোষ্টত পাথিৰানাই ৰাজনৈতিক কৰ্তৃপক্ষক আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটৰ মাজত জনসাধাৰণক সহায় কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে, "কেঁচুৱাটোৰ মৰণোত্তৰ পৰীক্ষাটো দুখজনক আছিল, কিয়নো শিশুটোৰ সকলো অংগ ভালদৰে বিকশিত হৈছিল। অভিভাৱকৰ বাবে হতাশাজনক স্মৃতি যে তেওঁলোকে কেৱল এক লিটাৰ পেট্ৰ'ল নোপোৱাৰ বাবে তেওঁলোকৰ সন্তানক বচাব নোৱাৰিলে।"
ইফালে, শিক্ষা মন্ত্ৰী সুশীল প্ৰেমজয়ন্তই দেশক তেওঁলোকৰ গুৰুত্বপূৰ্ণ জিচিই সাধাৰণ পৰ্যায়ৰ পৰীক্ষা আৰম্ভ কৰা শিশুসকলক পৰিবহনত সহায় কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীজনে অনুৰোধ কৰে যে, "মানৱতাৰ নামত অনুগ্ৰহ কৰি পৰিবহন অবিহনে পৰীক্ষালৈ যোৱাত পলম কৰা শিশুক সহায় কৰক আৰু লিফ্ট দিয়ক। অনুগ্ৰহ কৰি শিক্ষাৰ্থী আৰু পৰীক্ষাৰ্থীসকলৰ বাবে পথ অৱৰোধ নকৰিব।"
শ্ৰীলংকা বৰ্তমান এক গুৰুতৰ শক্তি আৰু ইন্ধন জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছে আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত ইন্ধন আৰু গেছ আমদানি কৰিবলৈ ধন বিচাৰি সংগ্ৰাম কৰি আছে।
ভাৰতে শ্ৰীলংকাক বিভিন্ন সময়ত সহায় কৰি আহিছে আৰু শনিবাৰে ক্ৰেডিট লাইন সুবিধাৰ অধীনত ৪০,০০০ মেট্ৰিক টন ডিজেল প্ৰদান কৰিছে। এপ্ৰিলত, ভাৰতে ইন্ধন আমদানি কৰিবলৈ অতিৰিক্ত ৩,৮৭৬ কোটিৰো (৫০০ মিলিয়ন ডলাৰ) অধিক ঋণ প্ৰদান কৰে।
Comments