গুৱাহাটী, ২৪ মেঃ প্লাষ্টিকবোৰ প্ৰাকৃতিকভাৱে পচিবলৈ সাধাৰণতে কেইবাশ বছৰ লাগে, কিন্তু জাৰ্মানীৰ বৈজ্ঞানিকে শেহতীয়াকৈ এক অতি কাৰ্যকৰী প্ৰযুক্তি আৱিষ্কাৰ কৰিছে যি কেইঘণ্টামানৰ ভিতৰতে প্লাষ্টিকৰ উপাদানবোৰ ভাঙি পেলাবলৈ সক্ষম হয়। সমগ্ৰ বিশ্বৰ প্লাষ্টিক প্ৰদূষণৰ গুৰুতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, এই আৱিষ্কাৰ এক সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে।
পলিয়েষ্টাৰ হাইড্ৰ'লেজ পিএইচএল-৭ (PHL-7) নামৰ এনজাইমটো অলপতে জাৰ্মানীৰ সমাধিক্ষেত্ৰত সাৰ শোষণ কৰা অৱস্থাত পোৱা গৈছে। ইয়াৰ ফলাফল শেহতীয়াকৈ বিজ্ঞান আলোচনী 'কেমচাচকেম'ত 'CamsusChem' প্ৰকাশিত হৈছে।
জাৰ্মানীৰ লিপজিগ বিশ্ববিদ্যালয়ৰ মাইক্ৰ'বায়োলজিষ্ট উলফগাং জিমাৰমেনে কৈছে যে, "এই এনজাইমটো ১৬ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ৯০ শতাংশ পলিইথিলিন টেৰেফথেলেইটলৈ পচন কৰিবলৈ সক্ষম। ই বৈকল্পিক শক্তি সঞ্চয়কাৰী প্লাষ্টিক পুনৰ্ব্যৱহাৰ প্ৰক্ৰিয়া স্থাপনত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিব।"
ইয়াৰ উপৰিও, বিজ্ঞানীসকলে জানিব পাৰিছে যে প্লাষ্টিকৰ পচন কৰিবলৈ পি এইচ এল-৭ৰ পূৰ্বতে কোনো পৰীক্ষা কৰা হোৱা নাছিল। ই প্লাষ্টিক মিহি বা গলি নোযোৱাকৈ নিঃশেষ কৰিব পাৰে।
বিজ্ঞানীসকলে বিশ্বাস কৰে যে এই এনজাইমৰ সহায়ত, প্লাষ্টিকৰ সংকট সোনকালেই দূৰ কৰিব পৰা যাব। এতিয়ালৈকে, প্লাষ্টিক আঁতৰ কৰাৰ একমাত্ৰ উপায় আছিল পুনঃ ব্যৱহাৰযোগ্য কৰি তোলা। অৱশ্যে, ইয়াৰ ফলত, কেৱল ১০ শতাংশ প্লাষ্টিক আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰিব পাৰি।
Comments