গুৱাহাটী, ২৪ মেঃ ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পিছৰে পৰা বহুলোকে দেশখনৰ পৰা পলায়ন কৰি আন দেশত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। ঠিক এনেদৰে ইউক্ৰেইনৰ এগৰাকী ২২ বছৰীয়া যুৱতীও ব্ৰিটেইনলৈ আহিবলৈ বাধ্য হয়। য'ত তেওঁক এগৰাকী বিবাহিত মহিলাই তেওঁৰ পৰিস্থিতিৰ বাবে দয়া কৰি নিজৰ ঘৰত আশ্ৰয় দিয়ে।
কিন্তু, পৰিহাসৰ কথা হ’ল যে দয়া কৰি আশ্ৰয় দিয়া ছোৱালীজনীয়ে মহিলাগৰাকীৰ স্বামীক লাহে লাহে নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ লয় আৰু অৱশেষত তেওঁৰ সৈতে পলাই যায়।
উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে কৈছে যে, "যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পলায়ন কৰি অহাৰ পিছত মোৰ ঘৰত ২২ বছৰীয়া যুৱতী ছফিয়া কাৰ্কাদিমক আশ্ৰয় দিছিলোঁ, কিন্তু তেওঁ মোৰ সৈতে ১০ বছৰৰো অধিক কাল বিবাহিত সম্পৰ্কত থকা মোৰ স্বামীক নিজৰ প্ৰতি আকৰ্ষিত কৰি অৱশেষত পলুৱাই লৈ যায়।"
মে' মাহত টনি গাৰ্নেট নামৰ ব্ৰিটেইনৰ এগৰাকী মহিলাই ছফিয়া কাৰ্কাডিম নামৰ ইউক্রেইনৰ পৰা পলাই অহা এজনী ছোৱালীক তেওঁৰ ঘৰত আশ্রয় দিছিল। তাৰ পিছত ছফিয়াই টনি নামৰ বিবাহিত মহিলাগৰাকীৰ স্বামীৰ সৈতে সময় কটাই নিজৰ প্ৰতি আকৰ্ষিত কৰা আৰম্ভ কৰে। মহিলাগৰাকীয়ে জনোৱা অনুসৰি, ছোৱালীজনীৰ চকু আৰম্ভণিৰ দিনৰে পৰা তেওঁৰ স্বামীৰ ওপৰত আছিল।
মহিলাগৰাকীয়ে আৰু কয় যে, "ছোৱালীজনীয়ে প্ৰথমে তেওঁৰ ফেচবুক পৃষ্ঠাৰ জৰিয়তে মোৰ সৈতে যোগাযোগ কৰে। তাৰ পিছত মই ছোৱালীজনীক অসহায় বুলি ভাবি মোৰ ঘৰত আশ্ৰয় দিয়াৰ সিদ্ধান্ত লওঁ। তেনেদৰে, মোৰ স্বামী আৰু ছোৱালীজনীৰ মাজত বাৰ্তালাপ হৈছিল। মোৰ স্বামীয়ে স্লোভাক ভাষা জানিছিল আৰু ছোৱালীজনীয়ে ইউক্ৰেনীয় ভাষাত কথা কৈছিল।
দুয়োটা ভাষা বুজিবলৈ প্ৰায় একে, কিন্তু মই সেই ভাষা দুটা বুজি পোৱা নাছিলোঁ আৰু নাজানিছিলোঁ, দুয়োজনে সদায়ে কি কথা পাতি আহিছিল। এনেদৰে লাহে লাহে দুয়োৰে মাজত এক শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিল আৰু মোৰ স্বামীৰ সৈতে ছোৱালীজনী বাসগৃহৰ পৰা পলাই গ'ল।"
আনহাতে, অভিযুক্ত ছোৱালীজনীয়ে এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে কৈছে যে, "মোক আশ্ৰয় দিয়া টনী নামৰ মহিলাগৰাকীৰ স্বামীক প্ৰথমতে দেখি মোৰ ভাল লাগিছিল। লাহে লাহে মই তেওঁক ভাল পাবলৈ ললো আৰু নজনাকৈয়ে তেওঁৰ প্ৰেমত পৰিলোঁ। মই ইচ্ছাকৃতভাৱে একো কৰা নাছিলোঁ।
যি ঘটিছে তাৰ বাবে মই অত্যন্ত দুঃখিত, কিন্তু এতিয়া মই একো কৰিব নোৱাৰোঁ, কিয়নো টনীৰ স্বামীয়ে নিজে কৈছে যে এতিয়া হেনো তেওঁ বাকী জীৱনকাল মোৰ সৈতে কটাবলৈ বিচাৰিব।"
Comments