গুৱাহাটী,২৪ মে':ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত হোৱা কোৱাড অৰ্থাৎ বহুপাক্ষিক নিৰাপত্তাৰ আলোচনা সন্মিলনত অংশগ্ৰহণ কৰে।বৈঠকখনত ভাষণ দি তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক তেওঁৰ উৎকৃষ্ট আতিথ্যৰ বাবে অভিনন্দন জনায়। তেওঁ কৰ'না মহামাৰীৰ সময়ত ভাৰতৰ স্বাস্থ্যসেৱাৰ মানদণ্ডৰ আলোকপাত কৰাৰ লগতে বিশ্বৰ সৈতে কৰা সহযোগিতাৰ বিষয়েও আলোচনা কৰে৷
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে,"টকিঅ'ত বন্ধুবৰ্গৰ মাজত উপস্থিত থকাটো এক সৌভাগ্যৰ বিষয়৷ কোৱাডৰ সম্ভাৱনা বহুত বহল হৈ পৰিছে। কম সময়ৰ ভিতৰতে, কোৱাডে নিজৰ স্থান নিৰ্মাণ কৰিছে।আমাৰ পাৰস্পৰিক বিশ্বাস আৰু আমাৰ সংকল্পই গণতান্ত্ৰিক দেশসমূহক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিছে।কোৱাডে ইণ্ডো-পেচিফিক অঞ্চলত ভাল কাম কৰি আছে।"
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনেও কোৱাড বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ বিষয়টো উত্থাপন কৰে। তেওঁ কৈছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এটা সংস্কৃতি ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। ই কেৱল ইউৰোপীয় নহয়,গোলকীয় সমস্যা। ইউক্ৰেইনলৈ ঘেঁহু ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞাই বিশ্বব্যাপী খাদ্য সংকটৰ সৃষ্টি কৰিছে।
Comments