গুৱাহাটী,২৪ মে': অসম আৰক্ষীত নিযুক্তিৰ সুযোগ লাভৰ আশাৰে পুৱা দৌৰিবলৈ ওলাই অহা তিনি কিশোৰৰ সপোন আজি নিমিষতে হৈ পৰিল চূৰ্ণ বিচূৰ্ণ।
অনিয়ন্ত্ৰিত ট্ৰাকৰ খুন্দাত ছিপাঝাৰত মঙলবাৰে পুৱা ৫ জন লোকে প্ৰাণ হেৰুৱায়, তাৰ ভিতৰত আছিল অসম আৰক্ষীত যোগদানৰ বাবে অনুশীলন চলাই থকা জিন্টুমণি, ইমদাদুল আৰু ৰেকিব নামৰ তিনি বন্ধু।
জানিব পৰা মতে, অসম আৰক্ষীৰ বাবে অনুশীলন কৰি আছিল তিনি বন্ধু জিন্টুমণি, ইমদাদুল আৰু ৰেকিবে। তিনিওজন বন্ধুৱেই আছিল এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থী। পুৱা তেওঁলোক একেলগে দৌৰিবলৈ ওলাই গৈছিল। কিন্তু ঘৰলৈ উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱায় একেলগে তিনি বন্ধুৱে। নিহত সকলক ক্ৰমে- সংগীতা দেৱী, জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ছিপাঝাৰবাসীক আজি শোকবিহ্বল কৰি তুলিছে।
Comments