মঙলদৈ ঃ নিজা সংবাদদাতা, ২৪ মে’ ঃ আত্মসংস্থাপনৰ উদ্দেশ্যে ঋণ ল’বলৈ আগবাঢ়ি অহা নিবনুৱা যুৱকৰ পৰা উৎকোচ দাবী কৰা দৰঙৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ [ডি আই চি] মহাপ্ৰবন্ধক হেমন্ত কুমাৰ তালুকদাৰক আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷
জানিব পৰা মতে বৰদৌলগুৰিৰ প্ৰাঞ্জল কুমাৰ নাথ নামৰ নিবনুৱা যুৱক এজনে প্ৰধানমন্ত্ৰীৰ নিয়োগ নিশ্চিতকৰণ আঁচনি [PMEGত্ন]ৰ অধীনত আত্মসংস্থাপনৰ বাবে আঠ লাখ টকাৰ ঋণ ল’বলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত আৱেদন কৰিছিল৷
উক্ত আঁচনিৰ হিতাধিকাৰীয়ে মুঠ ৩৫ণ ৰাজসাহায্য লাভ কৰে৷ কিন্তু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক হেমন্ত তালুকদাৰে ঋণ অনুমোদন কৰাৰ নামত নিবনুৱা যুৱকজনৰ পৰা পোন্ধৰ হাজাৰ টকা উৎকোচ দাবী কৰে৷ উপায়হীন হৈ যুৱকজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সম্পৰ্কে অভিযোগ দাখিল কৰে৷
সেইমতে আদি দহ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত মহাপ্ৰবন্ধক তালুকদাৰক হাতে- লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে৷ উক্ত অভিযানত মঙলদৈ আৰক্ষীয়ে সহযোগ কৰে৷ ইপিনে দুন¹তি নিবাৰক শাখাৰ দলটোৱে ধৃত বিষয়াজনক লগত লৈ বিষয়াজনৰ মঙলদৈ চহৰৰ দানিগাঁৱৰ ভাৰাঘৰৰ লগতে গুৱাহাটীৰ উজান বজাৰস্থিত ঘৰতো তালাচী চলায়৷
Comments