বৰদোৱাৰ পৰা ভাস্কৰজ্যোতি মেধি, ২৪ মে’ ঃ বটদ্ৰৱা আৰক্ষী থানা জ্বলাই একাংশ উন্মাদ লোকে থানাৰ নথি-পত্ৰ নষ্ট কৰা আৰু মালখানা ছাৰখাৰ কৰা ঘটনাত সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ আশে-পাশে থকা বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত থকা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷
বিশেষকৈ এই চৰকাৰী ভূমিত এটা বিশেষ সম্প্ৰদায়ৰ লোকে ঘৰ-বাৰী সাজি বিজুলী সংযোগৰ লগতে সকলো চৰকাৰী সা-সুবিধা লাভ কৰা বিষয়টো অতি তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি বটদ্ৰৱা থানৰ সমীপৰ এই চৰকাৰী ভূমি বেদখলৰ বিষয়টো সন্দৰ্ভত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বাৰম্বাৰ নগাঁও জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক অৱগত কৰি আহিছে যদিও এই ক্ষেত্ৰত প্ৰশাসনে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বেদখলকাৰীয়ে বীৰদৰ্পে বেদখল সম্প্ৰসাৰণ কৰি আছে৷
আনকি এই বেদখলকাৰীৰ অধিকাংশই বিভিন্ন অপৰাধৰ লগত জড়িত হৈ থকাৰো তথ্য লাভ কৰাৰ কথা সদৰী কৰিছে আৰক্ষীয়ে৷ খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই অঞ্চলত বাংলাদেশী মূলৰ ইছলামিক সংগঠন আনচাৰোল বাংলা টিমৰ কাৰ্যকলাপ থকাৰ ভয়ংকৰ তথ্য সদৰী কৰা ঘটনাই ঐতিহাসিক বটদ্ৰৱা থানৰ নিৰাপত্তাৰ প্ৰতিও প্ৰশ্ন তুলিছে৷
যিটো সময়ত শ্ৰীশ্ৰীবটদ্ৰৱা থানক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে ‘বটদ্ৰৱা প্ৰকল্প’ নামেৰে এক অভিলাষী আঁচনি ৰূপায়নৰ বাবে আগবাঢ়ি ইতিমধ্যে কাম-কাজ চলাই আছে সেইটো সময়তে ইতিহাস প্ৰসিদ্ধ থানখনৰ চৌপাশে এক বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰি থানখনৰ ঐতিহ্য আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷
উল্লেখযোগ্য যে বটদ্ৰৱা থানৰ নামত প্ৰায় ৩০০ বিঘা ভূমি আবণ্টন হৈ আছে যদিও থানখনৰ চৌপাশে থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷
বিশেষকৈ হাইডুবি পথাৰৰ ৩৪৬ নং দাগৰ প্ৰায় ৮০ বিঘা মাটি, বটদ্ৰৱা বৰহিছা সত্ৰৰ ১২৩ নং দাগৰ ১২৩ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬ নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্ৰায় প্ত বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে৷
এই তথ্য অনুসৰি বটদ্ৰৱাৰ চৌপাশে এতিয়া প্ৰায় পাঁচশ বিঘা ভূমি বেদখল হৈ আছে৷ এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে৷ একাংশই কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে৷
ঠিক একেদৰে, হাইডুবি পথাৰ আৰু বটদ্ৰৱা বৰহিছা সত্ৰৰ দুশ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে অধিকাৰ কৰি অহাৰ লগতে কৃষি বীজ পাম আৰু হাইডুবি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ-দুৱাৰ সাজি শতাধিক লোকে প্ৰায় আঢ়ৈশ বিঘা মাটি বেদখল কৰি আছে৷
একেদৰে শান্তিজান বজাৰৰ প্ৰায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে৷ দীৰ্ঘদিন ধৰি বটদ্ৰৱা থানৰ চৌদিশে থকা এই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও কি কাৰণে সফল হ’ব পৰা নাই সেইটো এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে৷
এনে প্ৰেক্ষাপটত অসমৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান বটদ্ৰৱা থানৰ চৌদিশে চৰকাৰী ভূমিত চলোৱা মাফিয়াগিৰিয়ে ভৱিষ্যতে এক অশনি সংকেত কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷ অৱশ্যে বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বটদ্ৰৱা থানৰ কিছু বেদখল প্ৰশাসনে উচ্ছেদ চলাইছিল৷
আনহাতে, সত্ৰকে আদি কৰি সকলো ধৰ্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে কঠোৰ ভূমিকা গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেইটো স্বাভাৱিকতে লক্ষণীয় হ’ব৷ মন কৰিবলগীয়া বিষয় যে বটদ্ৰৱাৰ বেদখল সন্দৰ্ভত ‘দৈনিক জনমভূমি’ত ইতিপূৰ্বে বিতংকৈ প্ৰকাশ পাইছিল৷
আনকি, এই বাতৰিৰ পাছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জিলাৰ উপায়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰি নিৰ্দেশনা জাৰি কৰিছিল যদিও নগাঁও জিলা প্ৰশাসনে এই ক্ষেত্ৰত প্ৰদৰ্শন কৰা দুৰ্বল ভূমিকাৰ বাবেই এই বিষয়টো তল পৰি ৰয়৷
Comments