নলবাৰী ঃ নিজা বাতৰি দিওঁতা, ২৪ মে’ ঃ সম্প্ৰতি এক কেলেংকাৰিয়ে জোকাৰিছে নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়৷ জনস্বাস্থ্যৰ নামত যেন নোদোকা হৈছে বিষয়া-কৰ্মচাৰী৷ নাট্যকাৰ অৱতাৰ সিং আছিল এই কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা৷
কাৰ্যবাহী অভিযন্তা অৱতাৰ সিঙৰ নেতৃত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগত দীৰ্ঘদিন চলিছিল লণ্ঠনৰাজ৷ অৱশেষত লুণ্ঠনৰ নায়ক অৱতাৰ সিঙক নিলম্বত কৰিলে ৰাজ্য চৰকাৰে৷
মাত্ৰ কেইদিনমানৰ পূৰ্বে এই কাৰ্যালয়ৰ পৰা পদোন্নতিসহ বদলি হৈছিল অৱতাৰ সিং৷ গুৱাহাটীৰ কাৰ্যালয়ত অধীক্ষক অভিযন্তা হিচাপে যোগদান কৰা অৱতাৰ সিঙক অসম চৰকাৰে এক নিৰ্দেশনাযোগে পদৰ পৰা নিলম্বন কৰে৷
নলবাৰীৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বেলশৰ উপ-সংমণ্ডলৰ অধীনত অনাময় শৌচাগাৰ নিৰ্মাণ কৰাৰ নামত উপৰ্যুপৰি বিল বনাই প্ৰায় ৩৫ লাখ টকা উলিয়াই নিয়াৰ অভিযোগত নিলম্বিত হ’ল নাট্যকাৰ তথা তদানীন্তন কাৰ্যবাহী অভিযন্তা অৱতাৰ সিং৷
কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীক অন্ধকাৰত ৰাখি বক্ৰ পথেৰে চৰকাৰী ধন আত্মসাৎ কৰি লৰালৰিকৈ নলবাৰীৰ কাৰ্যালয়ৰ পৰা আঁতৰ হৈছিল অৱতাৰ সিং৷ পিছে চৰকাৰী তদন্তত ধৰা পৰিল অৱতাৰ সিঙৰ চতুৰালি৷ অৱশেষত আজি এক নিৰ্দেশনাযোগে চাকৰিৰ পৰা নিলম্বন কৰিলে অৱতাৰ সিঙক৷
Comments