টকিঅ’, ২৪ মে’ ঃ মঙলবাৰে টকিঅ’ত কোৱাড নেতাৰ শীৰ্ষ সন্মিলনৰ এক ৰুদ্ধদ্বাৰ অধিৱেশনত কভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনাৰ তুলনা কৰি ‘ভাৰতৰ সফলতা, চীনৰ বিফলতা’ বুলি কৈ ভাৰতে গণতান্ত্ৰিক ধৰণে কভিড-১৯ ব্যৱস্থাপনা কৰা বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে৷
এজন জে্যষ্ঠ চৰকাৰী বিষয়াৰ মতে বাইডেনে কভিড-১৯ ব্যৱস্থাপনাত ভাৰতৰ সফলতাৰ বিপৰীতে চীনৰ বিফলতাৰ প্ৰসংগ উত্থাপন কৰে৷ বাইডেনে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সফলতাই গণতন্ত্ৰ ৰক্ষা কৰিব পাৰে বুলি বিশ্বক দেখুৱালে তথা ‘চীন আৰু ৰাছিয়াৰ দৰে একনায়কত্ববাদে দ্ৰুতভাৱে পৰিৱৰ্তিত পৃথিৱীক বেছি ভালদৰে তদাৰক কৰিব পাৰে বুলি যি বিশ্বাস’সেয়া ধ্বংস কৰিলে৷
বিষয়াজনৰ মতে ৰাষ্ট্ৰপতি বাইডেনৰ এই মন্তব্য লিখি অনা যেন লগা নাছিল৷ আজি কোৱাড শীৰ্ষ সন্মিলনত চীনলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি সন্মিলনে স্থিতাৱস্থা সলনি কৰিবলৈ চেষ্টা কৰা যিকোনো ‘প্ৰৰোচনামূলক বা একপক্ষীয় প্ৰচেষ্টাৰ’ বিৰোধিতা কৰে আৰু বিবাদৰ শান্তিপূৰ্ণ মীমাংসাৰ আহ৩ান জনায়৷
আনহাতে কোৱাডৰ নেতাসকলে পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা চ্ছযৰৰৰ মুম্বাই আক্ৰমণ আৰু পাঠানকোটৰ আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰোধিতা কৰে৷
ইফালে আজি কোৱাড শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈ থকাৰ সময়তে চীনৰ দুখন বোমাৰু বিমান আৰু ৰাছিয়াৰ দুখন বোমাৰু বিমান যুটীয়াভাৱে জাপানৰ সমীপত জাপান সাগৰৰ পৰা পূব চীন সাগৰৰ ফালে উৰি যায়৷ কোৱাড নেতা শীৰ্ষ সন্মিলনৰ কিছু সময়ৰ পাছতে আজি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে বৈঠকত মিলিত হয়৷
বৈঠকৰ পাছত মোদীয়ে ভাৰত-আমেৰিকাৰ সম্পৰ্কক ‘বিশ্বাসৰ অংশীদাৰিত্ব’ বুলি কৈ টুইটাৰত জনায় যে বাইডেনৰ সৈতে ভাৰত-আমেৰিকাৰ বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা আদি বিষয়ত ফলদায়ক আলোচনা হয়৷ আনহাতে মোদীয়ে অষ্ট্ৰেলিয়াৰ নতুন প্ৰধানমন্ত্ৰী এন্থনী এলবেনিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী কিশ্বিডাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷
তদুপৰি তেওঁ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীত্ৰয় য়শ্বিডা ছুগা, য়শ্বিৰো মৰি আৰু শ্বিনজো আবেক লগ ধৰে৷ অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা–এই কোৱাড ৰাষ্ট্ৰৰ নেতাসকল আজি টকিঅ’ত চতুৰ্থবাৰৰ বাবে আৰু সোঁশৰীৰে দ্বিতীয়বাৰৰ বাবে মিলিত হয়৷ ইয়াৰ আগতে ২০২১ চনৰ মাৰ্চত ভাৰ্চুৱেলি, ২০২১ চনৰ ছেপ্টেম্বৰত ৱাশ্বিংটন ডি চিত সোঁশৰীৰে উপস্থিত থাকি আৰু ২০২২ চনৰ মাৰ্চত ভাচুৰ্ৱেলি কোৱাড নেতাৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল৷
Comments