ছিপাঝাৰ ঃ নিজা বাতৰি দিওঁতা, ২৪ মে’ ঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো মৰণফান্দত পৰিণত হৈছে৷ সঘনাই ঘটি থকাৰ দৰে আজি পুৱা প্ৰায় প্ত-৩০ বজাত ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত প্তগৰাকী লোকৰ মৃত্যু আৰু তিনিগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাই সমগ্ৰ দৰং জিলাখনৰ লগতে ছিপাঝাৰত গভীৰ শোকৰ ছাঁ পৰে৷
জানিব পৰা মতে, আনদিনাৰ দৰে আজিও পুৱা শোৱাৰ পৰা উঠি মাৰৈগাঁৱৰ প্ৰায় দহ-বাৰগৰাকী চেমনীয়া ল’ৰাই নিলগত অৱস্থিত ছিপাঝাৰ উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত দৌৰৰ অনুশীলন কৰি খোজ কাঢ়ি ল’ৰাৰ দলটো ঘৰমুৱা হৈ আহি থকা অৱস্থাত ছিপাঝাৰ থানাৰ নাতিদূৰত
তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ কাষত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে মঙলদৈ দিশৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰ বেগত অহা এ এছ ১১ বি চি ১৫৫৫ নম্বৰৰ ট্ৰাক এখনে পিছফালৰ পৰা দুগৰাকী মহিলা পথচাৰী সহিতে ছয় গৰাকী চেমনীয়া ল’ৰাক মহিতয়াই নিয়াত থিতাতে জিণ্টু আহমেদ [১৬] নিহত হয় আৰু আহত সাতগৰাকীৰ ভিতৰত চিকিৎসালয়লৈ নিয়াৰ পথত আন চাৰিগৰাকী নিহত হয়৷
নিহতসকল হ’ল ক্ৰমে ভুক্তাবাৰী গাঁৱৰ প্ৰয়াত শিক্ষক যতীন্দ্ৰ বৰুৱাৰ পত্নী জয়মতী বৰুৱা [৭৪], আৰক্ষী চিত্ৰৰঞ্জন শৰ্মাৰ পত্নী সংগীতা শৰ্মা [৪৫] ৰ লগতে মাৰৈ - বিজুলীবাৰী হাইস্কুলৰ ছাত্ৰ তথা মাৰৈ গাঁৱৰ ইণ্টাজুল হকৰ পুত্ৰ ইন্দাদুল হক [১৬], ছিপাঝাৰ উঃ মাঃ আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ তথা মাৰৈ গাঁও নিৱাসী মুকুট আলীৰ পুত্ৰ ৰেকিব আহমেদ [১৬]
আৰু মাৰৈ হাইমাদ্ৰাছাৰ ছাত্ৰ তথা মাৰৈ গাঁও নিৱাসী আৰক্ষী বাহাৰুল ইছলামৰ পুত্ৰ জিণ্টুমণি আহমেদ [১৬]৷ ইফালে মাৰৈ-বিজুলীবাৰী হাইস্কুলৰ ছাত্ৰ তথা মাৰৈ গাঁও নিৱাসী ইয়াদুল হক [১৬], মাৰৈ হাইমাদ্ৰাছাৰ ছাত্ৰ দুগৰাকী ক্ৰমে মাৰৈ গাঁও নিৱাসী ফাইজুদ্দিন আহমেদৰ পুত্ৰ ফাৰুক আমিন [১৬], কালিমুদ্দিন আহমেদৰ পুত্ৰ চাহিল আখতাৰ [১৬] গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে৷
এওঁলোকৰ ভিতৰৰে ফাৰুক আমিন আৰু চাহিল আখতাৰ বাতৰি লিখা সময়লৈ সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে এই ছাত্ৰকেই গৰাকী এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু দুই-এদিনৰ ভিতৰত পৰীক্ষাৰ ফল ওলাব৷ তেওঁলোকৰ সপোন আছিল ভৱিষ্যৎ দিনত আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব৷
সেয়ে তেওঁলোকে পুৱাই দৌৰিবলৈ যোৱাৰ অভ্যাস গঢ়ি তুলিছিল৷ ইফালে দিনৰ প্ৰায় ১১ বজাত মৃতদেহসমূহ নিজৰ নিজৰ ঘৰত আৰক্ষী প্ৰশাসনে চমজাই দিয়াত ছিপাঝাৰৰ উত্তেজিত জনতাই মৰণফাণ্ড স্বৰূপ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ, ছাইডবাম নিৰ্মাণ, যান-বাহন চলাচলৰ সুনিয়ন্ত্ৰণ আদিৰ দাবীৰ লগতে দুৰ্ঘটনাত নিহত, আহত সকলো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবীত ঘটনাস্থলীত দিনৰ ১১ বজাৰ পৰা প্ৰায় ডেৰ ঘণ্টা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি যান-বাহন চলাচল বন্ধ কৰি দিয়ে৷
অৱশেষত দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ৰাইজৰ দাবীসমূহ পূৰণৰ আশ্বাস দিয়ে৷ উপায়ুক্তৰ আশ্বাসত ৰাইজে পথটো মুকলি কৰি দিয়ে ৷ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাই পথটোৰ উন্নয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আয়োগৰ লগত যোগাযোগ কৰি ৰাইজৰ দাবী পূৰণৰ আশ্বাস দিয়ে৷
ইফালে স্থানীয় বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে পুৱা খবৰ পোৱা মাত্ৰকে চিকিৎসালয়ত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলৰ চিকিৎসা ব্যৱস্থা কৰি মৃত প্ৰতিগৰাকী লোকৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে চৰকাৰী নিয়ম মতে দিবলগীয়া ক্ষতিপূৰণ সোনকালেই প্ৰদান কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷
ইফালে আজি দিনৰ ২ বজাত দুৰ্ঘটনাত নিহত মহিলা দুগৰাকীৰ সৎকাৰ কৰাৰ উপৰি সেই একে দুৰ্ঘটনাত নিহত ছাত্ৰ ইন্দাদুল হক আৰু ৰেকিব আহমেদৰ জানাজা সম্পন্ন কৰা হয় দিনৰ ২-৩০ বজাত মাৰৈ চকত দুই সহস্ৰাধিক লোকৰ উপস্থিতিত৷ আনহাতে জিণ্টু আহমেদৰ জানাজা সম্পন্ন হয় আবেলি প্ত বজাত৷ এই শোকাকুল পৰিৱেশৰ বাবে স্থানীয় বিদ্যালয়সমূহ অৰ্ধ ছুটী দিয়াৰ লগতে সমূহ দোকান-বজাৰ বন্ধ হৈ পৰে৷
Comments