ডিফু ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ ঃ প্ৰাকৃতিক দুৰ্যোগে তচনচ কৰি পেলোৱা অসম একমাত্ৰ হিলছ ষ্টেছন ডিমা হাছাও জিলাৰ সদৰ হাফলঙত আজি উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটা সঁজাতী দল৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ দাসৰ নেতৃত্বত যোৱা দলটোত আছে সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি আৰু ৰাইফুদ্দিন আহমেদ৷
আজি পুৱাই দলটো ডিমা হাছাওলৈ ৰাওনা হয়৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰীসহ মাইবাঙত প্ৰথমে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পাছতেই দলটোৱে হাফলঙলৈ যায় আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে৷
উল্লেখযোগ্য যে প্ৰকৃতিয়ে তাণ্ডৱ চলোৱা জিলাখনৰ এতিয়া ইমূৰৰ পৰা সিমূৰলৈ কেৱল ধবংসস্তূপ৷ অসম চৰকাৰে সেনা বাহিনীৰ হেলিকপ্টাৰৰ জৰিয়তে জিলাখনৰ সদৰ চহৰ হাফলঙত খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে যদিও জিলাখনত এতিয়া খাদ্য সামগ্ৰীৰ তীব্ৰ নাটনিৰ সৃষ্টি হৈছে৷ আলু ভাজিৰে এসাঁজ ভাতৰ মূল্য এতিয়া হাফলঙত ১৫০ টকা৷
ইয়েই সূচায় যে জিলাখনত এতিয়া খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে একাংশ অসাধু ব্যৱসায়ীয়ে ধন ঘটাৰ আহিলা হিচাপে লৈছে প্ৰাকৃতিক দুৰ্যোগত৷ ইপিনে হাফলং চহৰৰ এ টি এমসমূহত এদিনত এজন গ্ৰাহকে কেৱল ৫০০ টকাহে উলিয়াব পাৰে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত জনসাধাৰণে সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হৈছে৷
আজি জিলাখনত উপস্থিত হৈ প্ৰকৃতিৰ ধবংসলীলা পৰিদৰ্শন কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই দুখৰ দিনত অসমবাসী ডিমা হাছাও জিলাবাসীৰ সৈতে থকা বুলি জানিবলৈ দি অসমৰ জনসাধাৰণে পাৰ্বত্য জিলাবাসীৰ বাবে সকলো সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে৷
চৰকাৰক শীঘ্ৰে জিলাখনৰ প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ লগতে ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হোৱা সকলো লোকক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনায়৷ ইয়াৰ লগতে জিলাখনত যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে চৰকাৰক সকলো ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিবলৈও আহ্বান জনায় ভট্টাচাৰ্যই৷
আনহাতে, জিলাখনৰ প্ৰাকৃতিক দুৰ্যোগত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰে’ল বিভাগে অবৈজ্ঞানিকভাৱে ৰে’লপথ আৰু আন নিৰ্মাণ কৰিবৰ বাবে আজিৰ এই পৰিৱেশ সৃষ্টি হোৱা বুলি তেওঁ ৰে’ল বিভাগক দোষাৰোপ কৰে৷ পূৰ্বৰ এক প্ৰতিবেদনত এই ৰে’লপথ নিৰ্মাণত কিছু ত্ৰুটী থকা বুলি কোৱা হৈছিল
যদিও ৰে’ল বিভাগে সেই কথাত গুৰুত্ব নিদিয়াৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হ’ল আৰু ইয়াৰ এটা উচ্ছ পৰ্যায়ৰ তদন্ত হোৱা উচিত বুলি ভট্টাচাৰ্যই মন্তব্য কৰে৷ আজি নিশা হাফলঙত বাহৰ পাতিব লগা আছুৰ সঁজাতী দলটোৱে জিলাবাসীৰ সৈতে মত বিনিময় কৰাৰ লগতে হাফলং চহৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে৷
Comments