গোগামুখ ঃ নিজা বাতৰি দিওঁতা, ২১ মে’ ঃ গেৰুকামুখত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য যিমানেই ক্ষিপ্ৰ গতিত আগবাঢ়িছে, সিমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত শংকা বৃদ্ধি পাইছে৷
প্ৰকল্পটোৰ নিৰ্মাণ ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হ’ল যদিও প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ ইয়াৰ মাজতে অৰুণাচলৰ পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদী ওফন্দি উঠিছে আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি প্ৰকল্পটোৰ কফাৰ বান্ধ ভাগি পৰে৷
প্ৰকল্পটোৰ কফাৰ বান্ধ ভাগি তীব্ৰ গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্ৰকল্পটোৰ নামনি অংশৰ নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পাহাৰ ভয়ংকৰভাৱে খহি পৰা পৰিলক্ষিত হয়৷ আজি বিয়লিৰ ভাগত উক্ত পাহাৰত পুনৰ খহনীয়াৰ সৃষ্টি হয়৷
এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ অভিযোগ উঠিছে৷ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা বুলি এনে এইচ পি চিয়ে যিমানেই দাবী নকৰক কিয় ৰুষ্ট প্ৰকৃতিক বাধা দি ৰাখিব পৰা নাই৷
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ-বিৰোধী দল সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠক আৰু বৈঠকৰ সিদ্ধান্তক অংগুষ্ঠ প্ৰদৰ্শন কৰি এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণকাৰ্য দ্ৰুত গতিত আগুৱাই নিছে৷ ইফালে, কফাৰ বান্ধ ভাগি হোৰাহোৰে ধল ব’বলৈ ধৰাত এতিয়া এন এইচ পি চিৰ সকলো কাম-কাজ স্তব্ধ হৈ পৰিছে৷
Comments