গুৱাহাটী’,২২ মে':গ্ৰেচ মাৰ্কপ্ৰাপ্ত টে’ট উত্তীৰ্ণ কোনো প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰা নাই৷ মাধ্যমিকৰ শিক্ষক বাছনী তালিকাত ৰ,৩৪১জন গ্ৰেচ মাৰ্ক পোৱা প্ৰাৰ্থীৰ নাম ‘উইথহেল্ড’ হিচাপে ৰখা হৈছে৷ আজি এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে৷
গুৱাহাটী উচ্ছ ন্যায়ালয়ে শেহতীয়াকৈ গ্ৰেচ মাৰ্কপ্ৰা৫১ নিযুক্তিৰ ক্ষেত্ৰত দিয়া নিৰ্দেশৰ শিক্ষা বিভাগে পৰ্যালোচনা কৰিব বুলি আজি শিক্ষা মন্ত্ৰীয়ে জনায়৷ ‘আচলতে গ্ৰেচ মাৰ্ক দিয়াৰ নিয়ম নাই৷ পৰিস্থিতিগত কাৰণত হয়তো গ্ৰেচ মাৰ্ক দিয়া হৈছিল৷ বিতৰ্ক নথকা প্ৰাৰ্থীকহে সম্প্ৰতি নিযুক্তি দিয়া হৈছে৷’– এইদৰে কয় ৰণোজ পেগুই৷
তেওঁ কয় যে উচ্ছ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি শিক্ষা বিভাগে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি মীমাংসা কৰিব৷ গ্ৰেচ মাৰ্ক পাই টে’ট উত্তীৰ্ণ বাছনিকৃত প্ৰাৰ্থীসকলৰ গড় নম্বৰ পুনৰ মূল্যায়ন হ’ব৷ তাৰ ভিত্তিত দুমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব নিযুক্তি প্ৰক্ৰিয়া৷ ‘এজন প্ৰাথ¹য়ে যদি এটা বিষয়ত ৭৫ নম্বৰ পাইছিল, আন এটা বিষয়ত হয়তো ৫৫ নম্বৰ পাইছিল৷
তেনেস্থলত হয়তো প্ত নম্বৰ গ্ৰেচ নম্বৰ দিয়া হৈছিল৷ এতিয়া গড় নম্বৰ উলিয়াই লোৱা হ’ব৷ মেধাৰ ভিত্তিত স্বচ্ছ প্ৰক্ৰিয়াৰে আমি নিযুক্তি দিব বিচাৰিছোঁ৷’ আজি শিক্ষা মন্ত্ৰীয়ে এইদৰে কয়৷ ইফালে বান পৰিস্থিতিৰ বাবে ৩খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে৷
শিক্ষা মন্ত্ৰীয়ে জনাইছে যে হোজাই, দক্ষিণ শালমাৰা, মানকাচৰ আৰু হাইলাকান্দিত গুণোৎসৱ স্থগিত ৰখা হৈছে৷ অন্য জ্জখন জিলাত পূৰ্বৰ সূচী অনুসৰি গুণোৎসৱ অনুষ্ঠিত হ’ব৷ আনহাতে ডিমা হাছাও জিলা যিহেতু তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তালিকাত আছে আৰু তৃতীয় পৰ্যায়লৈ সময় আছে সেয়েহে চৰকাৰে ডিমা হাছাও আৰু কাচাৰ জিলা সন্দৰ্ভত পৰৱত¹ সময়ত সিদ্ধান্ত ল’ব৷
Comments