নগাঁৱৰ নিজা প্ৰতিবেদক আৰু ধিঙৰ নিজা বাতৰি দিওঁতা, ২১ মে’ ঃ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি এদল দুৰ্বৃত্তই আজি দিন দুপৰতে জ্বলাই দিলে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা৷ আজি দুপৰীয়া প্ৰায় আঢ়ৈ বজাত সংঘটিত হয় এই ঘটনা৷
অগ্নিকাণ্ডৰ ফলত থানাখন ভস্মীভূত হোৱাৰ উপৰি জ্বলি ছাই হৈ পৰে থানাখনৰ গুৰুত্বপূৰ্ণ নথিসমূহ৷ জুইৰ লেলিহান শিখাই থানাখনৰ মালখানাটোও গ্ৰাস কৰাত থানাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও বিনষ্ট হয়৷
দুৰ্বৃত্তই কেৱল থানাখনতে অগ্নিসংযোগ কৰি ক্ষান্ত নাথাকি থানাৰ আৰক্ষীকো ভয়ংকৰ আক্ৰমণ চলায়৷ এই আক্ৰমণত আৰক্ষীৰ দুজন কনিষ্টবল গুৰুতৰভাৱে আহত হয়৷
দুৰ্বৃত্তৰ ৰুদ্ৰৰূপ দেখি ফৰিং ছিটিকা দিয়ে স্বয়ং আৰক্ষী৷ উদ্বেগজনক বিষয়টো হ’ল থানাখনত অগ্নিসংযোগ কৰাত আগভাগ লৈছিল দুগৰাকী মহিলাই৷ এই মহিলা দুগৰাকীয়ে পেট্ৰল ঢালি অগ্নিসংযোগ কৰা দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত৷
উল্লেখযোগ্য যে কালি নিশা প্ৰায় দহ বজাত বটদ্ৰৱা থানাৰ আৰক্ষীয়ে ধিং থানাৰ অন্তৰ্গত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ মাছৰ পোনা ব্যৱসায়ী এজনক আটক কৰিছিল৷
কিন্তু অতি ৰহস্যজনকভাৱে আৰক্ষীৰ জিম্মাতেই আজি ধৃত লোকজনৰ মৃত্যু হয়৷ ইয়াৰ পাছত আৰক্ষীয়ে মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ কোনো উৎসৰ জৰিয়তে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে ছফিকুলৰ মৃত্যু হোৱা বুলি জানিব পাৰি তেওঁৰ একাংশ আত্মীয় আৰু আন একাংশ লোকে বটদ্ৰৱা থানালৈ আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
দলটোৱে প্ৰথমে আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হয় আৰু পাছত আৰক্ষীক ভয়াৱহ আক্ৰমণ কৰে৷ এই দুৰ্বৃত্তৰ দলটোত সহস্ৰাধিক লোকৰ লগতে একাধিক মহিলা আৰু কেইবাজনো কিশোৰো আছিল৷ দলটোৱে থানাৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে থানাখনতেই অগ্নিসংযোগ কৰে৷ দুগৰাকী মহিলাই থানাখনৰ বাৰাণ্ডাত থকা মটৰচাইকেলসমূহত পেট্ৰল ঢালি অগ্নিসংযোগ কৰে৷
পাছত দুৰ্বৃত্তৰ দলটোৱে থানাখনৰ নথিসমূহ আৰু পাছত অস্ত্ৰ-শস্ত্ৰ মজুত ৰখা মালখানাটোৱেই জ্বলাই দিয়ে৷ ফলত মালখানাত থকা অস্ত্ৰ-শস্ত্ৰসমূহ জ্বলি ছাৰখাৰ হৈ পৰে৷ দুৰ্বৃত্তই থানাৰ কনিষ্টবলসকলকো প্ৰহাৰ কৰে৷ ৰহস্যজনকভাৱে থানাখনত দুৰ্বৃত্তই তাণ্ডৱ চলাই থকা সত্ত্বেও বটদ্ৰৱা থানাৰ আৰক্ষীয়ে কোনো ধৰণৰ প্ৰতিৰোধেই সৃষ্টি কৰিব নোৱাৰিলে৷
দুৰ্বৃত্তক নিয়ন্ত্ৰণ কৰিবলৈ আনকি আৰক্ষীয়ে লাঠী চালনাও কৰা নাছিল৷ বিয়লি প্ৰায় ৩-১৫ বজালৈকে জুইৰ লেলিহান শিখাই আগুৰি আছিল থানাখন৷
তেতিয়ালৈকে থানাৰ চৌহদত উপস্থিত হোৱা নাছিল এখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী৷ আনহাতে, দুৰ্বৃত্তৰ দলটোৱে প্ৰায় দুঘণ্টা সময় তাণ্ডৱ চলাই থানাৰ চৌহদৰ পৰা আঁতৰি যোৱাৰ পাছতহে বিয়লি প্ৰায় চাৰে তিনি বজাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয়গৈ জিলাখনৰ উচ্ছ পদস্থ আৰক্ষী বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ লোক৷
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বটদ্ৰৱা অঞ্চলত উত্তেজনা অব্যাহত আছে আৰু অতিৰিক্ত আৰক্ষী-চি আৰ পি এফ নিয়োগ কৰা হৈছে৷ আৰক্ষীয়ে থানাৰ অগ্নিসংযোগ কৰা ঘটনাত জড়িত দুৰ্বৃত্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷
ইপিনে, মৃত ছফিকুল ইছলামৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে ছফিকুলক মুকলি কৰি দিয়াৰ বিনিময়ত প্ৰথমে এটা হাঁহ বিচৰাৰ পাছত পুনৰ দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷ অৱশ্যে, পৰিয়ালৰ এই অভিযোগৰ বিপৰীতে এক সূত্ৰই জনোৱা মতে, নথি-পত্ৰবিহীন মটৰচাইকেলৰ জৰিমনাৰ বাবেহে আৰক্ষীয়ে পৰিয়ালক দহ হাজাৰ টকা আদায় দিবলৈ দিছিল৷
এই ঘটনাৰ সন্দৰ্ভত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘এই সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব৷ ইতিমধ্যে থানাত অগ্নিসংযোগ কৰা ঘটনাত জড়িত তিনিজন লোকক আটক কৰা হৈছে৷
যদি এই ঘটনাত আৰক্ষীৰ লোক জড়িত আছে তাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’ আনহাতে, আজি নগাঁৱত বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি জলসম্পদ আৰু জনসংযোগ তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়– দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে৷ আৰক্ষীৰ জিম্মাত যদি আচামীৰ মৃত্যু হয়, তাৰ তদন্ত কৰা হ’ব৷
কিন্তু কোনোবাই থানা জ্বলাই দিয়াটো সহ্য কৰা নহ’ব৷ ইফালে এই ঘটনা সন্দৰ্ভত আজি বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰাৰ লগতে থানাখনৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি কৰা হয়৷ আনহাতে চিৰঞ্জীত লাহনক থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হয়৷
Comments