গুৱাহাটী,২২ মে':১৯৭২ চনত তেতিয়াৰ জনপ্ৰিয় ৰাগবি ক্লাব ওল্ড ক্ৰিষ্টিয়ানে উৰুগুৱেৰ মন্টেভিডিঅ'ৰ পৰা চিলিৰ ছান্টিয়াগোলৈ এখন ৰাগবি খেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল।দলটোৱে উৰুগুৱেৰ পৰা ছান্টিয়াগোলৈ যাবলৈ বায়ু সেনাৰ এখন বিমান ভাড়া কৰিছিল।১৯৭২ চনৰ ১২ অক্টোবৰত তেওঁলোকে কাৰাস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰে চিলিলৈ। দুটা ইঞ্জিনযুক্ত বিমানখনত আছিল ৫ জন বিমানকৰ্মী আৰু ৪০ জন যাত্ৰী।
চিত্ৰ: এণ্ডিজত থকা বিমানৰ ধ্বংসাৱশেষ
কিন্তু বেয়া বতৰৰ বাবে তেওঁলোকে আৰ্জেণ্টিনাৰ মেণ্ডোজাত ৰাতিটো থাকিবলৈ বাধ্য হৈছিল।ছান্টিয়াগো মেণ্ডোজাৰ পশ্চিমে অৱস্থিত আছিল,বায়ু সেনাৰ বিমানখন ৬,৯০০ মিটাৰতকৈ ওপৰলৈ উৰিবলৈ নিৰ্মাণ কৰা হোৱা নাছিল,সেয়েহে পাইলটসকলে এণ্ডিজ পাহাৰৰ ওপৰেৰে উৰাতকৈ বেলেগ এটা পথেৰে যাবলৈ সিদ্ধান্ত লৈছিল।উৰণৰ প্ৰায় এঘণ্টা পিছতেই পাইলটজনে ছান্টিয়াগোৰ এয়াৰ কণ্ট্ৰোলাৰসকলক জাননী দিছিল যে তেওঁ খুব কম সময়ৰ ভিতৰত এয়াৰপোৰ্ট পাব সেইবাবে তেওঁলোকে ৰানৱে মুকলি কৰি দিয়ে যেন।কিন্তু পাইলটজনে বিমানখনৰ অৱস্থান ভুলকৈ কৈছিল,বতৰ বেয়া হোৱাৰ বাবে তেওঁ বিমানৰ সঠিক স্থান নির্ধাৰণ কৰাত অসমৰ্থ হৈছিল।বিমান খন তেতিয়াও এণ্ডিজ পাহাৰৰ ওপৰতেই উৰি আছিল।
অৱশেষত বিমানখনে অৱতৰণ কৰিবলৈ তললৈ নামি অহাৰ লগে লগে এণ্ডিজৰ এটা উপত্যকাত প্ৰচণ্ড জোৰে খুন্দা মাৰে,লগে ইয়াৰ সোঁ ফাল আৰু বাওঁ ফালটো সম্পূৰ্ণ ধ্বংস হৈ যায় আৰু পৰ্বতৰ ওপৰত গৈ পৰে। ৰাডাৰত কোনোধৰণৰ চিগনেল নোপোৱাৰ বাবে সন্ধানহীন বিমানখনৰ সন্ধান চিলি, আৰ্জেন্টিনা আৰু উৰুগুৱেৰ প্ৰশাসনে যুটীয়াভাৱে আৰম্ভ কৰে,কিন্তু বৰফৰে আবৃত পৰ্বতত বগা বিমানখন চিনাক্ত কৰাত অত্যন্ত কঠিন আছিল। আঠ দিনৰ পিছত এই উদ্ধাৰ অভিযানটো বন্ধ কৰা হৈছিল । তেওঁলোকে মানি লৈছিল যে খেলুৱৈ সকলৰ ইতিমধ্যে মৃত্যু হৈছে ।
দুৰ্ঘটনাটোত প্ৰথমতে ১২ জন লোকৰ থিতাতে মৃত্যু হৈছিল, যাৰ ফলত বাকী আছিল ৩৩ জন জীৱিত লোক,তাৰে ভিতৰত কেইবাজনো লোক আহত হৈছিল। ইয়াৰ উপৰিও, প্ৰায় এসপ্তাহৰ বাবেহে লৈ যোৱা সামান্য খাদ্য সামগ্ৰীবোৰো লাহে লাহে নাইকিয়া হৈ আহিছিল । তেওঁলোকে চিটৰ তুলা, চিট কভাৰ আদিবোৰ খাব আৰম্ভ কৰে কিন্তু ইয়াৰ ফলত ওলোটাই তেওঁলোক বেমাৰতহে পৰিছিল । শেষত তেওঁলোকে সিদ্ধান্ত ল'লে যে এনেদৰে ভোকত থাকি মৃত্যু বৰণ কৰাতকৈ আগতে মৃত্যু হোৱা লোকসকলৰ মৃতদেহবোৰ তেওঁলোকে ভক্ষণ কৰিব । প্ৰথমে বহুতে অমান্তি হলেও ভোকৰ তাড়নাত পিছত মান্তি হৈছিল আৰু বিমানৰ খিৰিকীৰ গ্লাছ ভাঙি তেওঁলোকে মৃতদেহবোৰ কাটি খাবলৈ আৰম্ভ কৰে।কেইসপ্তাহমানৰ পিছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত আন ছয়জন লোকৰো মৃত্যু হয়,আকৌ ২৯ অক্টোবৰত এটা প্ৰকাণ্ড হিমস্খলনে তেওঁলোকে আশ্ৰয় লৈ থকা বিমানখন সম্পূৰ্ণ ৰূপে পুতি পেলাইছিল যাৰ ফলত আৰু আঠজন লোকৰ থিতাতে মৃত্যু হয়।
চিত্ৰ:বিমানযাত্ৰীৰ এজন ৰবাৰ্ট' কানেছাক উদ্ধাৰৰ সময়ত
১৩ অক্টোবৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ঠিক এমাহ পিছত অৰ্থাৎ ১২ ডিচেম্বৰলৈকে জীয়াই আছিল ৪৫ জন যাত্ৰীৰ মাত্ৰ ১৬ গৰাকী যাত্ৰী । লাহে লাহে মৃতদেহবোৰো কম হৈ আহিছিল সেইবাবে ইয়াৰে তিনিজন যাত্ৰীয়ে অৱশেষত অলপ মানুহৰ মাংস লগত লৈ নিজেই সহায় বিচাৰি ওলাই গৈছিল কিন্তু পিছত এজন কিবা বিপাকত পৰি ধ্বংসাৱশেষলৈ ঘূৰি আহিছিল।
চিত্ৰ:বিমানযাত্ৰীৰ এজন ৰবাৰ্ট' কানেছা
অৱশেষত প্ৰায় ৬১ কি:মি: খোজ কৰাৰ পিছত ২০ ডিচেম্বৰত চিলিৰ লছ মাইটেনছ গাঁৱত তেওঁলোকে তিনিজন পশুপালকক লগ পায়। তেওঁলোকে ইংগিত দিছিল যে তেওঁলোকে পিছদিনা ঘূৰি আহিব। কথামতেই পিছদিনা ৰাতিপুৱা চিলিৰ লোকসকল তেওঁলোকৰ ওচৰত পুনৰ উপস্থিত হয় আৰু তেওঁলোকক উদ্ধাৰ কৰে । এই সমগ্ৰ ঘটনাৰ ওপৰত এখন চলচ্চিত্ৰও নিৰ্মান কৰা হৈছে যাৰ নাম 'এলাইভ'।
চিত্ৰ: বিমান দুৰ্ঘটনাৰ পিছত জীৱিত সকল
Comments