গুৱাহাটী,২২ মে':নগাঁৱৰ বটদ্ৰৱাত সংঘটিত শনিবাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত। বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোক কেইগৰাকী ক্ৰমে মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনুৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।
ইফালে তিনিওগৰাকী অভিযুক্ত জুৱা খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত বুলি জানিব পৰা গৈছে। নিশা নগাঁও সদৰ আৰক্ষী থানাতে তেওঁলোকক জেৰা চলোৱা হৈছে । আনহাতে থানা জ্বলোৱা ঘটনাত জড়িত বাকীসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।সমান্তৰালকৈ মৃত যুৱকজনৰ পৰিয়ালৰ পৰা ধন দাবী কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন কৰিছে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই ।
ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। ’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে ঘটনা কেতিয়াও সহ্য নকৰে’ বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।ঘটনাত জড়িত আটাইকেইজন অপৰাধীয়েই উচিত শাস্তি পাব বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।একাংশ লোকে অভিযোগ কৰা মতে আৰক্ষীয়ে যুৱকজনৰ পৰা হাঁহ আৰু দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল।কিন্তু ৰহস্যজনকভাৱে থানাতে যুৱকজনৰ মৃত্যু হয়।থানা চৌহদৰ ভিতৰতে মৰিয়াই মৰিয়াই যুৱকজন আৰক্ষীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।ইয়াৰ পাছতে একাংশ উত্তেজিত লোক থানাত আক্ৰমণ কৰে।আৰক্ষীক প্ৰহাৰ কৰাৰ লগতে থানাত অগ্নিসংযোগ কৰে।
Comments