ডিমৌ,২২মে’: এই বছৰৰ এপ্ৰিল মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথম উজনি অসম টাংচুডু চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ডিমৌৰ টাংচুডু একাডেমীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ১৩,১৪ আৰু ১৫ মে'ত দিল্লীত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় টাংচুডু চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ডিমৌ টাংচুডু একাডেমিৰ ৯ জন খেলুৱৈয়ে বিভিন্ন বিভাগত পদক লাভ কৰাত আজি ডিমৌ শংকৰদেব বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত বিধায়ক সুশান্ত বৰগোঁহাইৰ উপস্থিতিত তেওঁলোকক সম্বৰ্দ্ধনা জনোৱা হয়৷
এই উপলক্ষে ডিমৌ টাংচুডু ক্লাৱৰ সভাপতি তথা অধ্যাপক অজয় কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক সুশান্ত বৰগোঁহাইয়ে খেলুৱৈসকলক আদৰণি জনাই ভাষণ দাঙি ধৰাৰ লগতে ডিমৌ টাংচুডু ক্লাৱক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।সভাত ডিমৌ পৌৰসভাৰ পৌৰপতি পল্লৱিতা বৰুৱা গগৈ,ডিমৌ মহাবিদ্যালয়ৰ অধ্যাপিকা হামিদা বেগম,ডিমৌ লম্বোদৰ বৰগোঁহাই বিদ্যা নিকেতৰ প্ৰধান আৰ্চয্য মায়া ভৰলুৱা,জেষ্ঠ সাংবাদিক শেখৰজোতি দুৱৰী আদিয়ে খেলুৱৈ সকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে।
ডিমৌ টাংচুডু ক্লাৱৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক দীপাংকৰ চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অষ্টম ৰাষ্টীয় টাংচুডু প্ৰতিযোগিতাত বিভিন্ন শাখাত পদক পোৱা প্ৰসণ্ণ ৰয়, চিনু দেউৰী,নয়নদ্বীপ দুৱৰা,সঞ্জীৱ হাজৰিকা,মিন্ময় কোঁৱৰ,অণ্ণেষা বৰা,সিদ্ধাৰ্থ বৰগোঁহাই,গুঞ্জন গীৰ্তাথ,আৰিয়ান বড়াক সম্বৰ্দ্ধনা জনোৱা হয়৷ তদুপৰি ব্লেক বেল্ট পৰীক্ষাত সুন্দৰ প্ৰদৰ্শন দেখুৱাই উৰ্ত্তীণ হোৱা দেৱজিত দুৱৰী,প্ৰসান ৰয় আৰু শশাংক গগৈকো সৰ্ম্বধনা জনোৱা হয় ।আজিৰ বিশেষ সৰ্ম্বদ্ধনা সভাত খেলুৱৈৰ লগতে অভিভাৱক-অভিভাৱিকা,স্থানীয় ৰাইজ উপস্থিত থাকে ।
Comments