তালাপ, ২২ মে’: তিনিচুকীয়া জিলা সাহিত্য সভাৰ কবি সন্মিলন গোটৰ উদ্যোগত আৰু ডুমডুমা শাখা সাহিত্য সভাৰ আতিথ্যত ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি এটা কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হয় । ডুমডুমা শাখাৰ মহিলাসকলে পৰিবেশন কৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে অনুষ্ঠানটো আৰম্ভ হয় ।
তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই জিলাৰ হৈ আৰু শাখা সম্পাদক দেবেন ডেকাই শাখাৰ হৈ আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি ড০ অৰুণা গগৈ বৰুৱাৰ সঞ্চালনাত কবিতা পাঠ অনুষ্ঠানটি হয় । আৰম্ভণিতে তেওঁ কবিতা সম্বন্ধে এটি প্ৰাঞ্জল বক্তৃতা প্ৰদান কৰে । জিলাখনৰ বিভিন্ন শাখাৰ পৰা অহা ২৩ গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।
মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰী সমন্বিতে একাংশ কবিয়ে কবিতা আবৃতি কৰে । অনাতাঁৰ শিল্পী বীনা দেৱী বৰদলৈ, বিশিষ্ট কন্ঠশিল্পীসকল ক্ৰমে অনামিকা লহকৰ, বিস্মিতা দাস আৰু দেৱস্মিতা চৌধুৰীয়ে কবিতাৰ মাজে মাজে গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে ।
আজিৰ অনুষ্ঠানটোত জিলা সাহিত্য সভাৰ সম্পাদক মনোৰম বৰা, ডুমডুমা শাখাৰ সভাপতি বিমলা বৰুৱা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন্দ্ৰ হাজৰিকা, সহযোগী অধ্যাপকদ্বয় দীপক ৰঞ্জন বৰুৱা আৰু ড০ প্ৰাণজিত শইকীয়া, বৰহাপজান শাখাৰ সভাপতি চৱন ঢেকীয়াল ফুকন আদি বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে । জিলা কবি সন্মিলনৰ আহ্বায়ক জয়সূৰ্য বৰা আৰু ডুমডুমা শাখাৰ সম্পাদক দেবেন ডেকাই যুটীয়াভাৱে অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে কবিতাও পাঠ কৰে৷
Comments