গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ ঃ বান আৰু ভূমি…লনৰ ফলত অসমৰ যিমান ক্ষতি হ’ল গোটেইখিনি ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী মোদীক কালি নিশা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি অসমৰ বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল৷
প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীক সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস দিয়াৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষৰ অধ্যক্ষ অলকা উপাধ্যায়ৰ সৈতে এখন বৈঠকত মিলিত হয়৷
এই বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই মাইবং আৰু হাৰাংগাজাওৰ মাজত মুঠ ৬টা স্থানত ভূমিৰ ফলত পথ যোগাযোগ বিচ্ছিন্ন হৈ থকাত অহা ৩১ মে’ৰ ভিতৰত জাতিংগা-হাৰাংগাজাওৰ মাজৰ পথছোৱা গাড়ী যাব পৰাকৈ মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত অসমত বান আৰু ভূমি…লনত যি ক্ষতি হ’ল ক্ষতিপূৰণ গোটোইখিনি আদায় দিয়াৰ কথা কৈছে৷ অসমক বিশেষ পেকেজ দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে পেকেজ দিলেও অসমৰ লাভ নহয়, কাৰণ পুঁজি পালেও ৰে’ল লাইন বা ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্য চৰকাৰে মেৰামতি কৰিব নোৱাৰে৷
মেৰামতি কৰিব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই বা ৰে’লৱে৷ কাৰণ তেওঁলোকৰ নিজা নিজা বাজেট থাকে৷ লোক নিৰ্মাণ বিভাগৰ যি ক্ষতি হ’ল তাৰ মেৰামতি বিভাগটোৰ বাজেটৰ পৰা কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে হাফলঙত পেট্ৰল আৰু ডিজেলৰ নাটনি হৈছিল৷ আজি বিমানেৰে হাফলঙলৈ ৬ হাজাৰ লিটাৰ পেট্ৰল-ডিজেল পঠোৱা বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷
আনহাতে আজি নিশা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দিল্লীত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আন এখন বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে ডিমা হাছাও জিলাত হোৱা ভূমিৰ ফলত বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ যোগাযোগ ব্যৱস্থাত প্ৰভাৱ পৰাৰ কথা জানিবলৈ দিয়ে৷ ৰে’লপথ উটি যোৱাৰ ফলত কমেও ১৮০ কোটি টকা ক্ষতিগ্ৰস্ত হৈছে৷
মুখ্যমন্ত্ৰীয়ে ৰে’লযোগাযোগ ব্যৱস্থা পুনৰ সক্ৰিয় কৰিবলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীয়ে অহা ১০ জুলাইৰ ভিতৰত ৰে’ল সেৱাআৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক৷
Comments