তিনিচুকীয়া ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ ঃ ‘অৰুণাচল ভাৰত মাৰ মুকুটৰ এটি মণিৰ দৰে দিব্যমান হৈ আছে৷ দেশৰ যি স্থানত সূৰ্য দেৱতাৰ প্ৰথম কিৰণ পৰে, সেয়া হৈছে অৰুণাচল প্ৰদেশ৷ অৰুণাচলত বিভিন্ন সংস্কৃতিৰ পয়োভৰ দেখিবলৈ পোৱা যায়৷
অৰুণাচলৰ এই ভিন্ন সংস্কৃতিৰ বিষয়ে যদি কোনোবাই জানিবলৈ বিচাৰে, তেন্তে তেওঁ অৰুণাচললৈ আহিবই লাগিব৷’– দুদিনীয়া ভ্ৰমণসূচী লৈ দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ অৰুণাচল প্ৰদেশলৈ আহি আজি নামচাইৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বিষয়ে এইদৰে কয়৷
গৃহ মন্ত্ৰীগৰাকীয়ে অৰুণাচললৈ পঞ্চমবাৰ অহা বুলি কৈ উল্লেখ কৰে যে তেওঁ যেতিয়াই অৰুণাচললৈ আহে তেতিয়াই দেশভক্তিৰ উৎকৃষ্ট ভাৱনাৰে দিল্লীলৈ ওভতে৷ গৃহ মন্ত্ৰীগৰাকীয়ে আজি ৪৩৬ কোটি টকাৰে নিৰ্মাণ হোৱা ২২টা বৃহৎ প্ৰকল্পৰ শুভ উদ্বোধন কৰে৷
লগতে ৩৫০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া ২৫টা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ গৃহ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুজৰাটৰ পাছতে দ্বিতীয়খন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় অৰুণাচলতে স্থাপন হ’ব৷ লগতে নেশ্যনেল ফৰেনছিক ছায়েন্স ইউনিভাৰ্ছিটি এখনো অৰুণাচলতে স্থাপন কৰাৰ কথা উল্লেখ কৰে৷
তেওঁ আজিৰ জনসভাত অহা ১০ বছৰৰ ভিতৰত পৰশুৰামকুণ্ডক দেশৰ ভিতৰতে এক সৰ্ববৃহৎ পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব বুলিও মন্তব্য কৰে৷ গৃহ মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে উত্তৰ-পূবক পূৰ্বতে দেশ আৰু পৃথিৱীয়ে উগ্ৰবাদীৰ অঞ্চল বুলি জানিছিল৷
কিন্তু ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত জ্ঝ,৬০০গৰাকী উগ্ৰপন্থীয়ে বিদ্ৰোহী সংগঠন এৰি মূলসুঁতিলৈ ঘূৰি আহিছে বুলি উল্লেখ কৰে৷ বিগত ৫০ বছৰ ধৰি অসম আৰু অৰুণাচলৰ মাজত থকা সীমা সমস্যা দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাধ্যমেৰে সমাধান উলিওৱাৰ কথাও তেওঁ উল্লেখ কৰে৷
অৰুণাচলৰ টাৱাং আৰু পৰশুৰামকুণ্ডলৈকে ৰে’লপথ স্থাপন কৰি ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাত এক নতুন দিগন্ত সূচনা কৰিব বুলি গৃহ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ লগতে দিবাং ভেলীত ২,৮৮০ মেগাৱাট ক্ষমতাৰ বিশ্বৰ ভিতৰতে বৃহৎ বহুমুখী নদীবান্ধ নিৰ্মাণৰ কাম সোনকালে আৰম্ভ কৰাৰ কথা তেওঁ ঘোষণা কৰে৷
আজিৰ সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মিন, সাংসদ টাপিৰ গাও, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া, কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছিল৷ দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ অহা মন্ত্ৰীগৰাকীয়ে কালি নিশা গ’ল্ডেন পেগ’ডাৰ অতিথিশালাত অতিবাহিত কৰে৷ আজি গ’ল্ডেন পেগ’ডাত পূজা আগবঢ়ায়৷ আজি বিয়লি মন্ত্ৰীগৰাকী দিল্লীলৈ ৰাওনা হয়৷
Comments