বটদ্ৰৱাৰ পৰা ভাস্কৰজ্যোতি মেধি আৰু নৃপেন বৰা, ২২ মে’ ঃ আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত কালি দিন-দুপৰতে দুই শতাধিক উন্মাদ লোকে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ কৰি আৰক্ষী থানাখনৰ লগতে ইয়াৰ অস্ত্ৰ ভাণ্ডাৰ জ্বলাই ছাৰখাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি বটদ্ৰৱাত সৃষ্টি হোৱা উত্তেজনা আজিও অব্যাহত আছে৷
থানাখন আক্ৰমণ কৰি কৰ্তব্যৰত আৰক্ষীক মাৰধৰ কৰাৰ লগতে থানাখনত অগ্নি সংযোগ কৰি ভস্মীভূত কৰা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কালি বিয়লিৰ পৰা আজি নিশা পৰ্যন্ত মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ১৬গৰাকী লোকক আটক কৰিছে
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্তকেইজন হৈছে শালনাবড়ীৰ মজিবুৰ ৰহমান [৪৯], ৰফিকুল ইছলাম [৩৬], ৰছিদা খাতুন [৩৬], ছাবিনা খাতুন [১৮] আৰু শালাপথাৰৰ আনোৱাৰ হুছেইন৷
ধৃত আটাইকেইটাকে নগাঁও সদৰ আৰক্ষী থানালৈ আনি আৰক্ষীৰ উচ্ছপদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে৷ বটদ্ৰৱা থানাত ভয়ংকৰ আক্ৰমণেৰে অগ্নি সংযোগ কৰি সমগ্ৰ থানাখনেই নথি-পত্ৰ, অস্ত্ৰ- শস্ত্ৰসহ ভস্মীভূত কৰা ঘটনাৰ মূল অভিযুক্ত মুজিবুৰ ৰহমান, আনোৱাৰ হুছেইন, ইমান আলী আৰু আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল ইছলামসহ একাংশৰ বাসগৃহত নগাঁও জিলা প্ৰশাসনে আজি অতৰ্কিতে উচ্ছেদ অভিযান চলায়৷
আজি পুৱা সাতমান বজাৰ পৰাই জিলা প্ৰশাসনে আৰক্ষীৰ বৃহৎ দল এটা লৈ শালনাবড়ি আৰু হাইডুবি অঞ্চলত বুলড’জাৰ, এক্সেভেটৰ আদিৰে অভিযান চলাই বহুকেইটা বাসগৃহ ভাঙি থানবান কৰে৷ এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰিও ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷
উচ্ছেদিতসকলৰ আত্মীয়সকলে দাবী কৰা মতে,এই উচ্ছেদ বেআইনী আৰু অমানৱীয়৷ এই ভূমি তেওঁলোকৰ নামত আছে৷ ইপিনে, জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, প্ৰশাসনে বেদখলহে উচ্ছেদ কৰিছে৷ আনহাতে, কালি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল ইছলামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে৷
আজি বটদ্ৰৱাত আহি অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং, মধ্য অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই সমগ্ৰ পৰিস্থিতিৰ বুজ লয়৷ ঘটনাস্থলীত আজি ফৰেনছিকৰ বিশেষ দল উপস্থিত হয়৷
Comments