নগাঁৱৰ নিজা প্ৰতিবেদক আৰু ধিঙৰ নিজা বাতৰি দিওঁতা, ২২ মে’ ঃ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা জ্বলাই ছাৰখাৰ কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ৰ লোকে আইন হাতত তুলি ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ গাতে লাগি থকা আৰক্ষী থানাখনত চলোৱা লংকাকাণ্ড আৰু অগ্নিসংযোগৰ ঘটনাই বিশেষ ইংগিত বহন কৰিছে৷
আনকি বটদ্ৰৱাবাসীৰ মাজত এতিয়া প্ৰশ্ন উঠিছে–‘আজি বটদ্ৰৱা থানাত আক্ৰমণ কৰিছে, কাইলৈ বটদ্ৰৱা থানত যে আক্ৰমণ নকৰিব তাৰ কোনো নি(য়তা নাই৷’ আনকি আজি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বটদ্ৰৱা থানৰ নিৰাপত্তা বিচাৰি চৰকাৰলৈ আহবান জনায়৷
ইপিনে, আজি বটদ্ৰৱাত পৰিস্থিতিৰ বুজ ল’বলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে মধ্য অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা উপস্থিত হয়৷ ঘটনাৰ বুজ লৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত কয়, ‘এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে৷ এইটো সাধাৰণ নদাই-ভদাইৰ কাম নহয়৷
সংবাদ মাধ্যমৰ বাতৰি তথা ভি ডি অ’সমূহৰ পৰা লক্ষ্য কৰিব পাৰি যে এইটো এটা সম্পূৰ্ণ পৰিকল্পিত ঘটনা৷’ ইয়াৰ আঁৰত জেহাদীৰ সম্পৰ্ক আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘মই জেহাদী শব্দ নকওঁ৷ কিন্তু আনচাৰুল ইছলামৰ গ্ৰnপ এটা ধৰা পৰিছে৷ ই অল কায়দাৰ এটা ঠাল৷
এইটোৱে বহু মছজিদত সোমোৱাৰ চেষ্টা চলাই আছে আৰু মাদ্ৰাছাতো সোমাইছে৷ তেওঁলোকৰ গতি-বিধি আমি তলে তলে লৈ আছোঁ৷ এই সংগঠনটোৱে মানুহ কিছুমানক উত্তেজিত কৰি এটা শ্লিপাৰ চেল ৰেডি কৰাৰ প্ৰস্তুতি চলাই আছে৷ কিন্তু সাধাৰণ মুছলমান লোকৰ সমৰ্থন নাই৷ কিন্তু একাংশ মুছলমান লোকক উত্তেজিত কৰি তেওঁলোকে শ্লীপাৰ চেল বনাবলৈ চেষ্টা কৰি আছে৷
তেওঁলোকে নগাঁৱত এনে কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাই আছে৷ বটদ্ৰৱা-কাণ্ডত ইয়াৰ চিন স্পষ্ট ৰূপত পোৱা গৈছে৷’ তেওঁ আৰু কয় যে কোনোবাই পেট্ৰল লৈ আহিছে৷ পেট্ৰল বোমা লৈ আহিছিল নেকি আমি পৰীক্ষা কৰি আছোঁ৷ উত্তেজিত মানুহখিনিৰ মাজত এটা আনোৱাৰ বুলি আৰু এটা আলাউদ্দিন বুলি জনাজাত ডকাইত থকাৰ কথা আমি প্ৰত্যক্ষ কৰিছোঁ৷
তদুপৰি এইসকলৰ মাজত ড্ৰাগ্ছ মাফিয়া, ডকাইত আৰু আন অপৰাধত জড়িত লোক থকাৰ কথাও সন্দেহ কৰা হৈছে৷ তেওঁলোকৰ উদ্দেশ্য নথি-পত্ৰ নষ্ট কৰা৷ ইয়াত জনা-শুনা অথবা প্ৰশিক্ষণপ্ৰাপ্ত লোক থাকিব লাগিব৷ অঞ্চলটোৰ কেইবাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি ডি জি পিগৰাকীয়ে কয়, ‘তেওঁলোকে আৰক্ষীৰ পৰা অস্ত্ৰ লৈ যোৱাৰ আশংকা কৰা হৈছে৷
সেইকাৰণে তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে৷ প্ৰয়োজনত মাটি খান্দি হ’লেও চুৰি কৰা অস্ত্ৰসমূহ উদ্ধাৰ কৰা হ’ব৷ এটা বিশেষ দল গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে, এজন অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত থাকিব এই দলটো৷’ মহন্তই কয়, ‘চফিকুলে মদ খাই পৰি থকা অৱস্থাত তুলি অনা হৈছিল৷
তাৰ ফটোগ্ৰাফ আমাৰ হাতত আছে৷ নিচাগ্ৰস্ত অৱস্থাত আমাৰ থানাৰ নতুন বলেৰ’ গাড়ীৰে অনা হৈছিল৷ টেকনিকেলি পুলিচৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছে৷ পুলিচৰ জিম্মাতে মৃত্যু হোৱাটো আচৰিত নহয়৷ কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷’
ধিং থানাত এটা কে’ছ ৰেজিষ্টাৰ হৈছে বুলি মন্তব্য কৰি ভাস্কৰজ্যোতি মহন্তই কয়, ‘সমগ্ৰ ঘটনাত ষড়যন্ত্ৰ জড়িত আছে৷ বৃহৎ দমনমূলক কাৰ্যকলাপৰ উদাহৰণ এয়া৷ এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব৷
কঠোৰ হাতেৰে দমন কৰা হ’ব এনে কাৰ্য৷ ইপিনে, বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণৰ ঘটনা এক পৰিকল্পিত ঘটনা আখ্যা দিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে৷ আজি বটদ্ৰৱা আৰক্ষী থানাত এক সংবাদমেলত সিঙে কয়, ‘সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এটা চি আই টি বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হৈছে৷
আমি চি আই টিক নিৰ্দেশ দিছোঁ, তেওঁলোকে ৪৫ দিনৰ ভিতৰত তদন্ত সমাপ্ত কৰিব লাগিব৷ লগতে ৬০ দিনৰ ভিতৰত গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব লাগিব৷’ বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণত জড়িতসকলৰ একাংশৰ ইছলামিক জেহাদীৰে সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানজনে আৰু কয়, ‘বৰপেটা আৰু বঙাইগাঁও জিলাত ইছলামিক জেহাদীৰ সন্দৰ্ভত জিলাকেইখনৰ আৰক্ষীয়ে যি তদন্ত কৰি আছে সেই জিলাকেইখনৰ আৰক্ষীৰে যোগাযোগ কৰিবলৈ আমি চি আই টিক নিৰ্দেশ দিছোঁ৷
আৰক্ষী নিশ্চিত হ’ব লাগে কালি বটদ্ৰৱা থানা আক্ৰমণ কৰা ঘটনাত জড়িতসকলৰ কাৰোবাৰ নাম সেই জিলাকেইখনৰ জেহাদীৰ তদন্তৰ লগত সংপৃক্ত হৈ আছে নেকি৷ তথ্য-প্ৰমাণ পালে গোচৰত নতুন ধাৰা সংযোগ কৰা হ’ব৷ আমাৰ সন্দেহ আক্ৰমণকাৰী প্ৰস্তুত হৈ আহিছিল৷ তেওঁলোকৰ উদ্দেশ্য আছিল থানাৰ নথি, কে’ছ ডায়েৰি ধ্বংস কৰা, অস্ত্ৰ-শস্ত্ৰ লুট কৰা৷’
আনহাতে, আক্ৰমণকাৰীসকলৰ বাসগৃহত উচ্ছেদ চলোৱা সন্দৰ্ভত তেওঁ কয়, আমাৰ তদন্তত পোহৰলৈ আহিছিল যে যিসকল লোকে কালি আৰক্ষী থানা জ্বলাইছিল তাৰ ভিতৰৰ বহু লোক যি ঠাইত ঘৰ সাজি বাস কৰি আছে তাত তেওঁলোক বেদখলকাৰী হিচাপে আছে৷ তেওঁলোকে যি পট্টা লৈছে সেয়া ভুৱা নথিৰে লৈছে৷
যিহেতু তাত সেই লোকসকল সম্পূৰ্ণ অবৈধভাৱে বেদখল কৰি তাত বে-আইনী কাৰ্যকলাপ চলাই আছে সেয়েহে আজি একাংশ লোকৰ ঘৰ উচ্ছেদ কৰা হয়৷ আনহাতে আৰক্ষীৰ জিম্মাত কি পৰিস্থিতিত ছফিকুল ইছলাম নামৰ লোকজনৰ মৃত্যু হৈছিল সেই বিষয়েও এক এজনীয়া স্বতন্ত্ৰ কমিটীয়ে তদন্ত কৰিব৷
প্ৰতিৱেশী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ কোনো এজন বিষয়াক এই তদন্তৰ দায়িত্ব দিয়া হ’ব৷ তেওঁৰ তদন্তৰ প্ৰতিবেদন, মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ফৰেনছিকৰ প্ৰতিবেদন আদিৰ পৰা লোকজনৰ মৃত্যুৰ বাবে কোনোবা দোষী হয় নে নহয় তাক নিশ্চিত কৰা হ’ব৷
Comments