গুৱাহাটী, ২৩ মেঃ মিনেসোটা নদীত কায়াকিং কৰোঁতে দুজন মানুহে এটা মানুহৰ লাওখোলা বিচাৰি পাইছে। তেওঁলোকে এই খোলাটো লগত লৈ আহি চৰকাৰক গতাই দিয়ে। চৰকাৰী বিভাগে এই মানৱ লাওখোলাটো পৰীক্ষা কৰি প্ৰকাশ কৰিছে যে ই প্ৰায় ৮০০০ বছৰ পুৰণি। এই লাওখোলাটোৰ পৰা প্ৰকাশিত হোৱা বিশেষ কথাটো হ'ল যে, সেই ব্যক্তিজনৰ মৃত্যুৰ কাৰণো জানিব পোৱা গৈছে।
বাতৰি অনুসৰি, ৰেইনভিল কাউণ্টিৰ বিষয়াসকলে কৈছে যে, "বিগত গ্ৰীষ্মকালত নদীত লাওখোলাটো পোৱা গৈছে। কাউণ্টি শ্বেৰিফ স্কট হেবলে ইয়াক চিকিৎসা গৱেষণা বিভাগলৈ প্ৰেৰণ কৰি কয় যে, এই লাওখোলাটো এজন সন্ধানহীন ব্যক্তিৰ নেকি?"
অৱশ্যে, কাউণ্টি কাৰ্যালয়ে লাভ কৰা সঁহাৰি তেওঁলোকৰ কল্পনাৰ বাহিৰত আছিল। প্ৰতিবেদনত কোৱা হৈছে যে লাওখোলাটো এজন যুৱকৰ আছিল যি খ্ৰীষ্টপূৰ্ব ৫৫০০ ৰ পৰা ৬০০০ ৰ ভিতৰত মৃত্যুবৰণ কৰিছিল। অৰ্থাৎ, এইটো এটা ৮০০০ বছৰ পুৰণি লাওখোলা আছিল।
হেবেলে কৈছে, "এয়া মানুহ আছিল, ই এজন যুৱকৰ আছিল আৰু আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে ই প্ৰায় ৮,০০০ বছৰ পুৰণি আছিল। খ্ৰীষ্টপূৰ্ব ৫৫০০ আৰু ৬০০০ ভিতৰত। অৰ্থাৎ, এইটো এটা ৮০০০ বছৰ পুৰণি লাওখোলা আছিল।
হেবলে আৰু কৈছে যে, "যিজন মানুহৰ এই লাওখোলাটো আছিল, তেওঁ মাকৈ আৰু কিছু সামুদ্ৰিক খাদ্য খাইছে। ইয়াৰ লগতে, লাোখোলাটোত আঘাতৰ চিন আছে, যি সম্ভৱতঃ সেই ব্যক্তিজনৰ মৃত্যুৰ কাৰণ সূচায়।
অৱশ্যে, অনলাইনত লাওখোলাটোৰ ফটো পোষ্ট কৰাৰ বাবে আৰক্ষীক সমালোচনা কৰা হৈছে। এই সন্দৰ্ভত হেবেলে কয়, "আমি নাজানিছিলো, কিন্তু ফেচবুক পোষ্টটো বহু লোকৰ বাবে হিংসাত্মক যেন লগাত আমি সতৰ্ক হৈ পৰিলোঁ। সেইকাৰণে আমি সেই পোষ্টটো আঁতৰাই দিছোঁ। কিন্তু আমাৰ উদ্দেশ্য কোনো লোকৰ মনৰ অনুভূতিক আঘাত কৰা নহয়।"
Comments