গুৱাহাটী, ২৩ মেঃপূৰ্ব পৰিকল্পিত আছিল বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনা।শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য।দুৰ্বৃত্তই প্ৰথমে অগ্নিসংযোগ কৰিছিল মালখানাত থকা ফাইলত।থানাত অগ্নিসংযোগৰ পূৰ্বেই তথ্য লুকুৱাবলৈ জ্বলাই দিয়া হৈছিল থানাৰ ফাইলসমূহ।এক ভিডিঅ’ই এই সন্দৰ্ভত সৃষ্টি কৰিছে সন্দেহ।
প্ৰথমে থানাৰ ভিতৰত থকা ফাইলত কোনো দুষ্কৃতিকাৰীয়ে কৰিছিল অগ্নিসংযোগ।দুৰ্বৃত্তই প্ৰথমে অগ্নিসংযোগ কৰিছিল মালখানাত থকা ফাইলত।এটা আলমীৰাৰ ওপৰত ৰখা হৈছিল পুৰণি বহু ফাইল, নথি-পত্ৰ।ফাইলসমূহ জ্বলাই দি পূৰ্বৰ ৰেকৰ্ড ধ্বংস কৰিছিল দুষ্কৃতিকাৰীয়ে।দুষ্কৃতিকাৰীৰ মাজত আছে কেইবাজনো ড্ৰাগছ ব্যৱসায়ী তথা অপৰাধী।
ইপিনে বটদ্ৰৱাৰ থানা আক্ৰমণ কাণ্ডৰ আন এজন অভিযুক্তক আটক।ধৃত অভিযুক্ত ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ,৪জাই সজীৱ গুলী আৰু নিচাজাতীয় টেবলেট।উল্লেখ্য যে,আৰক্ষীয়ে এই ঘটনাৰ সৈতে জেহাদী থকাৰো সন্দেহ প্ৰকাশ কৰিছে।
এতিয়া আৰক্ষী প্ৰায় নিশ্চিত হৈছে যে, পূৰ্ব পৰিকল্পতিভাৱে একাংশ দুষ্কৃতিকাৰীয়ে আহি থানাৰ ভিতৰত ৰেকৰ্ড ধ্বংসৰ বাবে ফাইলত অগ্নি সংযোগ কৰিছিল।
Comments