Cartoon
View Older
গুৱাহাটী,২৩ মে':স্বাধীনতাৰ ৭০ টা বছৰৰ পিচত অসম তথা কমলপুৰ সমষ্টিলৈ আহিল এক সুখবৰ । শীঘ্ৰেই কমলপুৰত স্থাপন কৰা হ'ব ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়। কমলপুৰৰ দিনকৰ নামৰ ঠাইত স্থাপন হ'ব এই বিশ্ববিদ্যালয়খন ।
বিশ্ববিদ্যালয়খনৰ প্ৰাথমিক পৰ্য্যায়ত ১৫ ৰ পৰা ১৬ টা বিভাগত কৰা হ'ব পাঠদান।সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।ইফালে,জুন মাহৰ ভিতৰতে এই ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খনিৰ শিলান্যাস হোৱাৰ সম্ভাৱনা থকাৰ কথাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷
Comments