গুৱাহাটী,২৩ মে':২০০৭ চনতেই মুক্তি পোৱা ভুলভুলাইয়াৰ বৃহৎ সাফল্যৰ পাছত নিৰ্মাণ হৈছে ইয়াৰ চিকুয়েল ভুলভুলাইয়া-২।কোনো গডফাদাৰ নথকাকৈয়ে নিজৰ স্থিতি বলিউডত শক্তিশালী কৰা কাৰ্তিক তিৱাৰী ওৰফে কাৰ্তিক আৰ্যনে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।কাৰ্তিক আৰ্যন, কিয়াৰা আদৱানী আৰু টাবু অভিনীত 'ভুল ভুলভুলাইয়া-২'য়ে অক্ষয় কুমাৰৰ 'বচ্চন পাণ্ডে'ৰ সকলো অভিলেখ ভংগ কৰিছে।ভুল ভুলভুলাইয়া-২ আৰু কংগনা ৰাণাৱটৰ ধাকৰ একেদিনাই মুক্তি লাভ কৰিছিল।বক্স অফিচত কংগনাৰ চলচ্চিত্ৰখনতকৈও কাৰ্তিকৰ ভুল ভুলভুলাইয়া যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।সমগ্ৰ দেশৰ প্ৰায় ৩২০০ খন পৰ্দাত এইখন চলচ্চিত্ৰক মুক্তি দিয়া হৈছে।
এক সূত্ৰঅনুসৰি, "কাৰ্তিকে তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰা সেই ক্ষুদ্ৰ অভিনয়টো নিখুঁত কৰিবলৈ এসপ্তাহৰ বাবে তেওঁ অবিৰত ভাৱে প্ৰশিক্ষণ লৈছিল।যিজনে আগতে কেতিয়াও ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষন গ্ৰহণ কৰা নাছিল,তেওঁলোকৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বানমূলক নৃত্য শৈলী,তথাপিও তেওঁ গুৰু চিন্নী প্ৰকাশৰ সৈতে মাত্ৰ এসপ্তাহৰ ভিতৰতেই ইয়াক আয়ত্ত কৰিছিল।"
Comments