Classifieds
View All
গুৱাহাটী, ২৩ মেঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰে ৩ জন লোক নিহত । ঘটনা অনুসৰি দেওবাৰে নিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায়।
যাৰ ফলত সেই অঞ্চলৰ কেইবাটাও ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোকক আক্রমণ কৰে। হাতীৰ এই আক্রমণত পৰিয়ালৰ তিনিও জন লোকে কৰুণ মৃত্যুক সাৱতি লয়।
মৃত লোককেইগৰাকী ক্ৰমে মোমিন আলী মোল্লা (৭৫), জহুৰা বিবি (৬৬) আৰু সমীৰন বিবি (৫০)। এই ঘটনাই উক্ত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে উক্ত অঞ্চলটোত বহুদিনৰে পৰা হাতী–মানুহৰ সংঘাত চলি আহিছে।
Comments