সোণাৰি, ২৬ মে': অসম চৰকাৰৰ শক্তি, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই আজি চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত দুখন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে।
এই বিদ্যালয় দুখন হ'ল ক্ৰমে বৰহাট চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু টাওকাক চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়।
প্ৰায় ১ কোটি টকাকৈ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা দুয়োখন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি অভিভাৱক মন্ত্ৰী গৰাকীয়ে তেওঁৰ উদ্বোধনী ভাষণত কয় যে, ৰাজ্যখনৰ চাহ- বাগিছাসমুহত বসবাস কৰা লোক তথা পিছপৰা লোকসকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আৰু লগতে তেওঁলোকৰ সন্তানসকলক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা ১১৯ খন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৯৬খন বিদ্যালয়ৰ নির্মাণ কাৰ্য্য সম্পুৰ্ণ হৈ উঠিছে আৰু অহা ২৭ মে'ৰ ভিতৰত এই কেইখন উদ্বোধন কৰা হ'ব।
চৰাইদেউ জিলাৰ মুঠ ৪ খন চাহ-বাগিছা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত দুখন বিদ্যালয় ক্ৰমে- নাহৰহাবি, হিংৰিজান চাহ-বাগিছা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন যোৱা ২৫ মে' তাৰিখে সম্পন্ন কৰা হৈছে। মন্ত্ৰী গৰাকীয়ে চাহ বাগিছা বিদ্যালয় সমুহত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰী সকলক নিয়মিতভাৱে বিদ্যালয়লৈ পঠাবলৈ বিশেষভাৱে আহবান জনায়। তেওঁ কয় যে, ৰাজ্য চৰকাৰে চাহ- বাগিছাৰ লৰা-ছোৱালীয়ে যাতে উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰি ভৱিষ্যতে সুনাগৰিক আৰু একোগৰাকী শ্ৰেষ্ঠ মানৱ সম্পদ ৰূপে গঢ় লৈ ৰাজ্যখনলৈ সেৱা আগবঢ়াব পাৰে তাৰ বাবে বিভিন্ন উন্নয়নকামী আঁচনি গ্ৰহণ কৰি আহিছে।
ৰাজ্যখনৰ চাহ বাগিছাসমুহৰ কোনো শ্ৰমিক যাতে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি নাথাকে তাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি নিবদ্ধ ৰাখি আহিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ভৱিষ্যতে বিদ্যালয় দুয়োখন দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰণ কৰাৰ লগতে পকী বেৰ নিৰ্মাণৰো আশ্বাস প্ৰদান কৰে। এই বিদ্যালয় সমূহৰ নিৰ্মাণৰ জৰিয়তে একো একোটা "জ্ঞানৰ মন্দিৰ" নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক ঐকান্তিক ভাৱে অধ্যয়নত মনোনিবেশ কৰি জীৱনত সফল হৈ মাতৃ- পিতৃৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে একাত্ম ভাৱেৰে মত-বিনিময় কৰি তেওঁলোকক বহু মূল্যবান উপদেশ প্ৰদান কৰে।
অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয় যে, স্বাধীনতাত ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ চাহ- বাগিছা সমূহত শিক্ষাৰ প্ৰসাৰ বৃদ্ধিৰ বাবে আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ এই সিদ্ধান্ত সুদূৰপ্ৰসাৰী আৰু যুগান্তকাৰী। চাহ- বাগিছাৰ লোকসকলৰ দুখ-কষ্ট অনুভৱ কৰি আৰু তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ সপোন সাৰ্থক কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰে।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰি শিক্ষাৰ জ্যোতিৰে আলোকিত হৈ ভৱিষ্যত গঢ়াৰ বাবে যত্নপৰ হ'বলৈ উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। সমাজৰ সকলো স্তৰৰ লোকৰ সম-বিকাশৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা জনহিতকৰ আঁচনি সমূহৰ বিষয়ে বিধায়ক গৰাকীয়ে এক চমু আভাস দাঙি ধৰে।
চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আগবঢ়োৱা আদৰণি ভাষণত আদর্শ বিদ্যালয় দুয়োখনত মজুত থকা সা-সুবিধা, আন্তঃগাঁথনি, ব্যৱস্থাপনা আদিৰ বিষয়ে অৱগত কৰে। তেওঁ দুয়োখন বিদ্যালয়ৰ উন্নয়ন আৰু সু-পৰিচালনা সুনিশ্চিত কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজক উদ্যোগী আৰু সচেতন ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ শিক্ষাগুৰু সকলক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি ছাত্ৰ- ছাত্ৰী সকলক সফলতাৰ শিখৰ চুব পৰাকৈ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ বিদ্যালয় দুখন নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰি বিশেষ অৰিহণা যোগোৱাৰ বাবে দুয়োখন বাগিছাৰ পৰিচালক দ্বয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধক প্ৰমুখ্যে আমন্ত্ৰিত অতিথিসকলে বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে। উদ্বোধনী অনুষ্ঠানত কণ-কণ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা বিহুনৃত্য আৰু ঝুমুৰ নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।
Comments