ডিব্ৰুগড়, ২৬ মে' : বহু প্ৰতীক্ষাৰ অন্ত পেলাই অহা ২৯ মে'ত বজাৰলৈ আহিব বিশ্ব-বিখ্যাত ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰিৰ বিখ্যাত গ্ৰন্থ “Sapiens”ৰ অসমীয়া অনুবাদ। একে নাম দি এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক তথা কবি, নিৱন্ধকাৰ আৰু অনুবাদক হিচাপে পঢ়ুৱৈ সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰা ড° কল্যাণ ভূঞাই।
গ্ৰন্থখনৰ প্ৰকাশক তথা অসম পাবলিছিং কোম্পানীৰ স্বত্তাধিকাৰ সঞ্জয় সান্যালে জনোৱা মতে ইতিমধ্যে ২০০ জনৰো অধিক পঢ়ুৱৈয়ে এমাজনৰ যোগেদি এই গ্ৰন্থখনৰ প্ৰি-অৰ্ডাৰ সম্পন্ন কৰিছে। এই অভিজ্ঞতাক অতি ইতিবাচক আখ্যা দি প্ৰকাশকগৰাকীয়ে কয় যে এই অনুবাদ গ্ৰন্থৰ যোগেদি হাৰাৰিৰ অনুপম চিন্তাৰাজি আমাৰ পঢ়ুৱৈ সমাজলৈ সম্প্ৰসাৰিত হ'ব। উল্লেখ্য যে, সীমাহীন ব্যস্ততাৰ মাজতো ড° কল্যাণ ভূঞাই নীৰৱে কাব্য-চৰ্চা আৰু অনুবাদৰ কাম কৰি আহিছে। ইতিমধ্যে অসম পাবলিছিং কোম্পানীয়ে প্ৰকাশ কৰা আৰু কল্যাণ ভূঞাই অসমীয়ালৈ অনুবাদ কৰা ইচমত চুগটাইৰ A life in Words গ্ৰন্থৰ অসমীয়া অনুবাদ ' সৰাপাতৰ আভৰণ' এ পঢ়ুৱৈৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
Comments