মধ্য মাজুলী ঃ নিজা প্ৰতিবেদক, ২৫ মে’ ঃ গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা প্ৰৱঞ্চনাৰ তিনিটা গোচৰৰ ভিত্তিত নগাঁৱত একে গোচৰত কাৰাৰুদ্ধ হৈ থকা মহা প্ৰৱঞ্চক ৰাণা পগাগক মাজুলী আৰক্ষীয়ে যোৱা ১৮ মে’ত জিম্মাত লৈ মাজুলীলৈ আনে৷
১৮ মে’ত ২০/২২, হুযত্ৰ ১২০(B)/১৭০/৪০৬/৪১৯/ ৪২০/৪৬৮/৪৭১/৪৭২ IPC ধাৰাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত যোৱা ২৩ মে’ত পুনৰ দ্বিতীয়টো ২২/২২ US ১২০-B/১৭০/৪০৬/৪১৯/৪২০ IPC গোচৰৰ ভিত্তিত পুনৰ আৰক্ষীয়ে মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা প্ৰৱঞ্চক ৰাণাক ২দিনৰ জিম্মাত লয়৷
আজি জিম্মাৰ অন্তত পুনৰ আৰক্ষীয়ে প্ৰৱঞ্চক ৰাণাক মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰে৷ গড়মূৰ আৰক্ষী থানাৰ তৃতীয়টো ২১য২২ নম্বৰৰ গোচৰৰ ভিত্তিত পুনৰ আদালতে ৰাণাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে৷
ইফালে আদালতলৈ নিয়াৰ সময়ত আজিও ফ’ৰ টুৱেণ্টি ৰাণাৰ মুখত সততাৰ বাণী ওলোৱা পৰিলক্ষিত হয়৷ আদালতলৈ নিয়াৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি প্ৰৱঞ্চক গৰাকীয়ে ওলোটাই সাংবাদিককহে নীতিশিক্ষা দিবলৈ চেষ্টা কৰে৷
ইয়াতে ক্ষান্ত নাথাকি প্ৰৱঞ্চক ৰাণাই সাংবাদিকৰ আগত এক মহা বিস্ফোৰণ ঘটাই কয় যে এটা বৈদু্যতিন সংবাদ মাধ্যমৰ উজনি অসমৰ ব্যুৰ’ চীফ এজনে মোৰ দেউতাৰ যোৰহাটৰ ভাৰাঘৰ খালী কৰাৰ সময়ত বাতৰি সম্প্ৰচাৰ নকৰাৰ বাবত ২ লাখ টকাৰ ধন দাবী কৰিছিল৷
সেইদিনাই প্ৰথম কিস্তিত দহ হাজাৰ টকা প্ৰৱঞ্চক ৰাণা পগাগৰ দেউতাকৰ পৰা উজনি অসমৰ ব্যুৰ’ চীফ গৰাকীয়ে লোৱা বুলি ৰাণাই উল্লেখ কৰাৰ উপৰি ৰাণা পগাগৰ দেউতাকৰ ভাৰাঘৰৰ পৰা এটা ইনভাৰ্টাৰ, এটা ডাইনিং ছেট, হুইল চেয়াৰ এখনৰ লগতে এখন পঢ়া টেবুল নিয়া বুলি ৰাণাই বিস্ফোৰক অভিযোগ তোলে৷
তিনিগৰাকীকৈ ব্যৱসায়ীৰ পৰা অ ’এন জি চিত কাম দিয়াৰ বাবত এছ আই জোনমণিৰ প্ৰত্যক্ষ সহযোগত লাখে লাখে টকা আত্মসাৎ কৰাৰ মহাপ্ৰৱঞ্চনাৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাণাৰ সমগ্ৰ প্ৰৱঞ্চনাৰ জালখন এটা এটাকৈ সাংবাদিকে ফাদিল কৰি থকাৰ মুহূৰ্তত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত উঠা এই অভিযোগে ৰাণা-জোনমণিৰ প্ৰৱঞ্চনাৰ কাণ্ডই যে অন্য এটা নতুন মোৰ ল’বলৈ গৈ আছে
,সেয়া একপ্ৰকাৰে খাটাং হৈ পৰিছে৷ যদিহে ৰাণা পগাগে তোলা অভিযোগ সত্য হয়, তেনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ সন্মান কোন দিশে বুলিও স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব৷
উল্লেখযোগ্য যে বহু চৰ্চিত জোনমণি ৰাভা আৰু ৰাণা পগাগ যুটিয়ে মিলি মাজুলীৰ পৰা আৰম্ভ কৰা প্ৰৱঞ্চনাৰ বৃহৎ জালখন ফাদিল হোৱাৰ পিছতেই বিশেষকৈ এছ আই জোনমণিৰ মুখাৰ আঁৰৰ মুখখন অসমৰ ৰাইজে ভালদৰে বুজি উঠিছিল৷
খাকী পোচাক পিন্ধি জনতাক সুৰক্ষা দিয়াৰ শপত লৈ অসম আৰক্ষীত যোগদান কৰি প্ৰৱঞ্চক এটাৰ সৈতে মিলি অ’ এন জি চিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মসাৎ কৰাত জড়িত হোৱাৰ স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত নাম উল্লেখ কৰাৰ পিছতো কিন্তু আৰক্ষীয়ে অন্য গৰাকী অভিযুক্ত এছ আই জোনমণিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত পৰিলক্ষিত হোৱা নাই৷
প্ৰৱঞ্চক ৰাণা পগাগে মাজুলীৰ ক্ৰমে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা, ৰঞ্জন কুটুমৰ পৰা ২৫ লাখ টকা প্ৰৱঞ্চনাৰে নিয়াৰ সমগ্ৰ ঘটনা ক্ৰমত জোনমণি জড়িত থকাৰ বিষয়ে লিখিত অভিযোগ পোৱাৰ পিছতো আজিকোপতি জোনমণিক সোধা-পোছাৰ বাবেও আৰক্ষীয়ে সাহস গোটাব নোৱাৰাটো ৰহস্য হৈ ৰৈছে৷
Comments