হিউষ্টন, ২৫ মে’ ঃ আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত কালি এজন ১৮ বছৰ বয়সীয়া কিশোৰে ১৯টা শিশু আৰু দুগৰাকী প্ৰাপ্তবয়স্ক লোককে ধৰি কমেও ২১জন লোকক গুলীয়াই হত্যা কৰে৷
টেক্সাছৰ উভালদে নামৰ নগৰখনৰ ৰব এলিমেণ্টেৰি স্কুলৰ এটা শ্ৰেণীকোঠাত দিনৰ প্ৰায় ১১-৩০ বজাত বডি আৰ্মাৰ পৰিহিত বন্দুকধাৰীজনে জধে-মধে গুলীচালনা কৰাত ১৯টা শিশু আৰু দুগৰাকী শিক্ষক নিহত হয়৷ তাৰ আগতে তেওঁ তেওঁৰ আইতাকক গুলীওৱা বুলি সন্দেহ কৰা হৈছে৷ আমেৰিকাৰ প্ৰচাৰ মাধ্যমে এই বাতৰি দিছে৷
পাছত আৰক্ষীৰ গুলীত বন্দুকধাৰীজনো নিহত হয়৷ টেক্সাছৰ গভৰ্নৰ গ্ৰেগ এবটে হত্যাকাৰীজনৰ নাম ছালভাদোৰ ৰামোছ বুলি প্ৰকাশ কৰে৷ তেওঁ বিদ্যালয়খন থকা অঞ্চলটোৰে বাসিন্দা আছিল৷
অনুসন্ধানকাৰীসকলে কয় যে কিশোৰজন এটা হেণ্ডগান, এটা এ আৰ-১৫ ছেমি-অট’মেটিক ৰাইফল আৰু হাই-কেপাচিটিৰ বহু মেগজিনেৰে সু-সজ্জিত হৈ আহিছিল৷ তেওঁৰ উদ্দেশ্য কি আছিল এতিয়াও স্পষ্ট হোৱা নাই৷ উল্লেখযোগ্য যে এই বছৰ আমেৰিকাত জধে-মধে গুলীয়াই মানুহক হত্যা কৰাৰ এইটো অষ্টমটো ডাঙৰ ঘটনা৷
তদুপৰি, আমেৰিকাৰ ইতিহাসত বিদ্যালয়ত গুলীচালনা কৰাৰ অন্যতম অতি জঘন্য ঘটনা৷ গুলীচালনাৰ ঘটনাটোত গভীৰ উদ্বেগ আৰু শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতি জ’ বাইডেনে শক্তিশালী ‘গান লবি’ক নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্যব্যৱস্থা ল’বৰ বাবে আইন প্ৰণেতাসকলক আৱেগিক আহ্বান জনায়৷
বিদ্যালয়খনৰ ৱেবছাইটত দিয়া তথ্য মতে, নিহত ছাত্ৰ-ছাত্ৰীসকল প্ত–ৰৰ বছৰ বয়সৰ ভিতৰৰ৷ উভালদেৰ আৰক্ষীৰ মুৰববী পিট আৰেডণ্ডোৱে কয় যে হত্যাকাৰীজনে অকলে এই হত্যাকাণ্ড সংঘটিত কৰে৷ তেওঁ কয় যে নিহত শিশুসকল তৃতীয় আৰু চতুৰ্থ গ্ৰেডৰ আছিল
কোবাড শীৰ্ষ সন্মিলনত ভাগ লৈ জাপানৰ পৰা আমেৰিকালৈ বিমানত আহি থকা অৱস্থাতে ৰাষ্ট্ৰপতি বাইডেনক ঘটনাটোৰ বিষয়ে জনোৱা হয়৷ আৰক্ষী বিষয়াজনে লগতে কয় যে হত্যাকাৰীজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷
আমেৰিকাত উপস্থিত হোৱাৰ পাছতে বাইডেনে এটা আৱেগিক ভাষণত আইন প্ৰণেতাসকলক কয় যে কাৰ্যব্যৱস্থা লোৱাৰ সময় হ’ল৷ ‘গান লবি’ক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা ল’বৰ বাবে তেওঁ আহ্বান জনায় আৰু এই শোকাৱহ ঘটনাটোত শোকস্তব্ধ হৈ পৰা দেশবাসীক সমবেদনা জনায়৷
Comments