লক্ষ্ণৌ, নতুন দিল্লী, ২৫ মে’ ঃ কংগ্ৰেছৰ নেতৃত্বক সমালোচনা কৰি অহা দলটোৰ নেতাসকলৰ ভিতৰত অন্যতম কপিল ছিবালে আজি প্ৰকাশ কৰে যে তেওঁ যোৱা ১৬ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে আৰু এতিয়া তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নহয়৷
ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উত্তৰ প্ৰদেশৰ পৰা আজি ছিবালে মনোনয়ন-পত্ৰ দাখিল কৰে৷ আৰু তাৰ পাছতে এই কথা প্ৰকাশ কৰে৷ তেওঁক সমাজবাদী পাৰ্টিয়ে [এছ পি] সমৰ্থন জনাইছে৷ উল্লেখযোগ্য যে ছিবালৰ পদত্যাগ কংগ্ৰেছৰ বাবে আন এটা প্ৰচণ্ড আঘাত৷
এছ পিৰ মুৰববী অখিলেশ যাদৱ, ৰাম গোপাল যাদৱ আৰু আন জ্যেষ্ঠ নেতাসকলৰ সৈতে ছিবাল উত্তৰ প্ৰদেশ বিধানসভালৈ যায় আৰু তেওঁৰ মনোনয়ন-পত্ৰ দাখিল কৰে৷
কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন বিচৰা ‘জি ২৩’ নামেৰে জনাজাত কংগ্ৰেছৰ ২৩জন বিসম্বাদী নেতাৰ ভিতৰত অন্যতম ছিবালৰ ৰাজ্য সভাৰ কাৰ্যকাল [কংগ্ৰেছৰ সাংসদ হিচাপে] শেষ হ’ব জুলাইত লক্ষ্ণৌত সাংবাদিকৰ আগত ছিবালে কয়, ‘মই ১৬ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ আৰু মই এতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নহওঁ৷’
কংগ্ৰেছ দলৰ নতুন মুৰব্বী হিচাপে তেওঁ গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তিক বাছনি কৰিবলৈ আহ্বান জনায়৷ ছিবালে কয়, ‘মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলোঁ৷ মোক সমৰ্থন কৰাৰ বাবে মই অখিলেশজীক ধন্যবাদ জনাইছোঁ৷’ তেওঁ আৰু কয়, ‘আমি এটা মৰ্চা কৰিবলৈ বিচাৰোঁ আৰু মোদী চৰকাৰৰ বিৰোধিতা কৰিবলৈ বিচাৰোঁ৷
আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰোঁ য’ত আমি বিজেপিৰ বিৰোধিতা কৰিব পাৰোঁ৷ মই ব্যক্তিগতভাৱে সেই দিশত কাম কৰিম৷’ কংগ্ৰেছৰ বিৰুদ্ধে ক’বলৈ অস্বীকাৰ কৰি ছিবালে কয় যে তেওঁৰ কোনো বেয়া ভাৱ নাই আৰু দলটো আৰু ভাবাদৰ্শৰ পৰা তেওঁ দূৰত নাই৷
মন কৰিবলগীয়া যে এসপ্তাহৰ আগতে হৈ যোৱা কংগ্ৰেছৰ ‘চিন্তন শিবিৰ’ৰ পাছৰ পৰা ছিবালৰ পদত্যাগৰ বিষয়টো কংগ্ৰেছে গোপনে ৰাখিছিল৷ আজি এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন- পত্ৰ দাখিল কৰাৰ কেইমুহূৰ্তমানৰ পাছতে তেওঁ সেই কথা প্ৰকাশ কৰি দিয়ে৷ ‘চিন্তন শিবিৰ’ৰ সামৰণি পৰাৰ পাছদিনাই ছিবালে পদত্যাগ কৰিছিল৷
এই বছৰ পাঁচ মাহত কংগ্ৰেছৰ পাঁচজন নেতাই দলটোৰ পৰা পদত্যাগ কৰিলে৷ ছিবালৰ আগতে ক্ৰমে পঞ্জাব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰ, গুজৰাটৰ কংগ্ৰেছৰ নেতা হাৰ্দিক পেটেল, প্ৰাক্তন আইন মন্ত্ৰী অশ্বিনী কুমাৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ পি এন সিং৷ জাখাৰ আৰু সিঙে বিজেপিত যোগ দিলে৷
এই পাঁচজনৰ আগতে যোৱা বছৰ উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নেতা জিতিন প্ৰসাদেও দলৰ পৰা পদত্যাগ কৰিছিল আৰু বিজেপিত যোগ দিছিল৷ উল্লেখযোগ্য যে ৰাজ্য সভাত উত্তৰ প্ৰদেশৰ ১১খন আসন খালী হ’ব আৰু নিৰ্বাচন হৈ আছে৷ সমাজবাদী পাৰ্টিৰ তিনিজন আৰু বিজেপিৰ আঠজন প্ৰাৰ্থী ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে৷
Comments