গুৱাহাটী, ২৬ মেঃ বিজ্ঞানীসকলে একেৰাহে এলিয়েনৰ অস্তিত্ব বিচাৰি আছে। বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰে যে সৌৰজগতৰ যিকোনো গ্ৰহত এলিয়েন থাকিব পাৰে। এই বিষয়ে কোপেনহেগেন বিশ্ববিদ্যালয়ত এক গৱেষণা কৰা হৈছে। এই গৱেষণাত বৈজ্ঞানিকে বিচাৰি পাইছে যে যুগ্ম তৰাবোৰক প্ৰদক্ষিণ কৰা গ্ৰহবোৰ এলিয়েনৰ বাবে সম্ভাৱ্য আশ্ৰয়স্থলী হ'ব পাৰে।
যুগ্ম তৰা (Binary Star) হৈছে দুটা তৰাৰ প্ৰণালী যি মহাকৰ্ষণীয় শক্তিৰে লগ লাগি থাকে আৰু ইটোৱে সিটো তৰাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। বিশেষজ্ঞসকলে বিচাৰি পাইছে যে খালী চকুৰে চালে যুগ্ম তৰাবোৰ এটা তৰা যেন দেখা যায়।গৱেষণাটোত আৰু কোৱা হৈছে যে, "যুগ্ম তৰাৰ চাৰিওফালে থকা গ্ৰহৰ প্ৰণালীবোৰ এটা তৰাৰ চাৰিওফালৰ গ্ৰহ প্ৰণালীবোৰতকৈ বহুত বেলেগ হ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে যে এনে গ্ৰহবোৰ এলিয়েনৰঢ় আশ্রয়স্থল হ'ব পাৰে। পৃথিৱীত জীৱনৰ সম্ভাৱনা আৰু পৰিসৰে মানুহক আকৰ্ষিত কৰে। ইপিনে, জ্যোতিৰ্বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰত জীৱন থাকিব পাৰে নে নাই বুজিবলৈ প্ৰমাণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে।
আনহাতে, গৱেষণাটোৱে উল্লেখ কৰিছে যে, "বৈজ্ঞানিকৰ নতুন ফলাফলে সূচায় যে গ্ৰহ প্ৰণালীবোৰ সূৰ্যৰ দৰে একক তৰাৰ তুলনাত যুগ্ম তৰাৰ চাৰিওফাল বহুত বেলেগ ধৰণে গঠন হয়।" কোপেনহেগেন বিশ্ববিদ্যালয়ৰ নিলছ বোহৰ ইনষ্টিটিউটৰ অধ্যাপক জেছ খ্ৰীষ্টান জৰ্গেনছেনে এই প্ৰকল্পটোৰ নেতৃত্ব দি আছে। তেওঁ এই বিষয় সন্দৰ্ভত কয় যে, "এই গৱেষণাৰ ফলাফল অতি ৰোমাঞ্চকৰ, কিয়নো অনাগত বছৰবোৰত বিদেশী জীৱৰ সন্ধান বহুতো নতুন আৰু অত্যন্ত শক্তিশালী সঁজুলিৰে সজ্জিত হ'ব।"
জৰ্গেনছেনে আৰু কৈছে যে, "এই গৱেষণাই বিভিন্ন প্ৰকাৰৰ তৰাৰ চাৰিওফালে গ্ৰহবোৰ কেনেদৰে গঠন হয় বুজি পোৱাত সহায় কৰিব। এনে ফলাফলে জীৱনৰ অস্তিত্বৰ অনুসন্ধান কৰিবলৈ আকৰ্ষণীয় হ'ব পৰা ঠাইবোৰলৈ আঙুলিয়াই দিয়ে। এই ফলাফলবোৰ নেচাৰ আলোচনীত প্ৰকাশিত হৈছে। টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যোতিৰ্বিজ্ঞানীসকলেও এই প্ৰকল্পটোত অংশগ্ৰহণ কৰিছে।
পৃথিৱীৰ পৰা প্ৰায় ১,০০০ আলোক বৰ্ষ দূৰত চিলিৰ এএলএমএ টেলিস্কোপৰ দ্বাৰা এটা যুৱ যুগ্ম তৰা চিনাক্ত কৰা হৈছে। এই যুগ্ম তৰাটো (এনজিচি ১৩৩৩-আই.আৰ.এ.এছ.২ এ.) গেছ আৰু ধুলিৰ বেহুৰ দ্বাৰা আৱৰি আছে।
Comments