গুৱাহাটী, ২৬ মেঃ বহুতো দেশত ক'ৰনা ভাইৰাছৰ সংক্ৰমণ একেৰাহে বৃদ্ধি পাই আছে আৰু দ্ৰুতগতিত শিশুসকলকো সংক্ৰমিত কৰিছে। ইফালে, ৰবাৰ্ট কোচ ইনষ্টিটিউটৰ (আৰ কে আই) ছিটাকৰণ সম্পৰ্কীয় জাৰ্মান স্থায়ী সমিতিয়ে ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশুক ক'ৰনা ভেকছিনৰ মাত্ৰ এটা পালি প্ৰদান কৰাৰ পৰামৰ্শ দিছে।
ছিনহুয়া সংবাদ সংস্থাই জাৰ্মানীৰ ছিটাকৰণ সম্পৰ্কীয় স্থায়ী সমিতিৰ (এছটিআইকেও) এক বিবৃতিৰ উদ্ধৃতি দি কয় যে, "সমিতিখনৰ আনুষ্ঠানিক পৰামৰ্শটো 'সাৱধানতামূলক ব্যৱস্থা' হিচাপে উন্নীত কৰা হৈছে, কিয়নো শীতকালত জাৰ্মানীত আন এটা ক'ভিডৰ ঢৌ আহিব বুলি আশংকা কৰা হৈছে।"
জাৰ্মানীৰ পেছাদাৰী শিশু ৰোগ বিশেষজ্ঞ সংস্থা (বিভিকেজে) আৰু অন্যান্য বৈজ্ঞানিক সমাজে এই ঘোষণাক আদৰণি জনাইছে। তেওঁলোকৰ যুটীয়া বিবৃতিত কোৱা হৈছে যে, "এই নতুন পৰামৰ্শটো সাম্প্ৰতিক পৰিস্থিতিৰ বাহিৰত দেখা গৈছে আৰু মহামাৰীৰ অধিক বিকাশৰ সম্ভাৱনা আছে। এতিয়ালৈকে, কেৱল আগৰে পৰা থকা ক'ভিডৰ স্থিতি বা উচ্চ বিপদাশংকা থকা বয়সৰ লোকসকলৰ বাবেহে ক'ভিড ছিটাকৰণৰ পৰামৰ্শ দিয়া হৈছে।
আনহাতে, আৰ.কে.আই. ৰ মতে, জাৰ্মানীত ৫ ৰ পৰা ১ বছৰ বয়সৰ ৫.৩ নিযুত শিশুৰ ২২ শতাংশ শিশুক ইতিমধ্যে কমেও এবাৰ ছিটাকৰণ কৰা হৈছে। এপ্ৰিলত, জাৰ্মান সংসদৰ নিম্ন সদনে ৬০ বছৰ বা অধিক বয়সৰ প্ৰাপ্তবয়স্কসকলৰ বাবেহে ক'ভিডৰ চিটাকৰণ বাধ্যতামূলক কৰা চৰকাৰৰ প্ৰস্তাৱক নাকচ কৰে।
১৮ বছৰতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্কৰ বাবে ভেকছিনৰ আদেশ ভোটৰ বাবে দিয়া হোৱা নাছিল আৰু এই প্ৰস্তাৱৰ ফলত চৰকাৰখনে ৰাজনৈতিক সমৰ্থন প্ৰাপ্ত কৰাত বাৰুকৈয়ে ব্যৰ্থ হৈছে। আৰ.কে.আই.-ৰ তথ্য অনুসৰি, জাৰ্মানীৰ ২২.৪ শতাংশ লোকক কভিড ছিটা প্ৰ’দান কৰা হোৱা নাই। ইয়াৰ বাহিৰে, চাৰি বছৰৰ তলৰ শিশুৰ বাবে জাৰ্মানীত এতিয়ালৈকে কোনো ভেকছিন অনুমোদিত হোৱা নাই।
Comments