গুৱাহাটী, ২৬ মেঃ সকলো ফল মধুমেহ ৰোগীৰ বাবে উপকাৰী নহয়, ৰোগীসকলে কিছুমান ফল পৰিহাৰ কৰাটো উচিত। লগতে, মধুমেহ ৰোগীসকলে কিবা ফল খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। ইয়াৰে এনে কিছুমান ফল আছে, যি খালে মধুমেহ ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ অধিক বৃদ্ধি হ'ব পাৰে, লগতে স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা অধিক হয়।
১. আঙুৰ
মধুমেহ ৰোগীৰ বাবে আঙুৰ অতি ক্ষতিকাৰক। যদিও এই ফলটোত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যি মধুমেহ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ইয়াত থকা শৰ্কৰাৰ পৰিমাণে মধুমেহ ৰোগীৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে মধুমেহ ৰোগীয়ে ইয়াৰ পৰা দূৰৈত থকাই ভাল।
২. কল
মধুমেহ ৰোগীয়ে কল খোৱাৰ পৰা বিৰত থাকক। কলত শৰ্কৰাৰ পৰিমাণ অধিক, যাৰ ফলত ৰক্ত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা অধিক হয়। এনে পৰিস্থিতিত, ৰোগীসকলে এই ফলৰ পৰা দূৰৈত থাকিব লাগে।
৩. ডিমৰু
ইয়াৰ উপৰিও, ডিমৰু খালেও মধুমেহ ৰোগীসকলৰ সমস্যা বৃদ্ধি হ'ব পাৰে। প্ৰকৃততে, ইয়াত শৰ্কৰা আৰু চেনীৰ পৰিমাণ অতি বেছি। এনে পৰিস্থিতিত, ইয়াক খালে কৰিলে মধুমেহ ৰোগীৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'ব পাৰে।
সামগ্ৰিকভাৱে, উল্লেখিত এই সকলোবোৰ ফলৰৰ পৰা মধুমেহ ৰোগীসকলে দূৰৈত থাকিব লাগে, অন্যথা লাভালাভৰ পৰিৱৰ্তে সমস্যাহে বৃদ্ধি হ'ব। যদি সম্ভৱ হয়, ৰোগীসকলে তেওঁলোকৰ চিকিৎসকৰ পৰা কিছুমান ফলৰ তালিকা প্ৰাপ্ত কৰাৰ পিছতৰ সেইবোৰ তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ পৰা কোনো ধৰণৰ বিপদ নাথাকিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments