গুৱাহাটী,২৬ মে':শেহতীয়াকৈ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হোৱা ইমৰান খানৰ নেতৃত্বত পাকিস্তানত সমগ্ৰ দেশজুৰি চলা চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত পাকিস্তান চৰকাৰ আৰু পাকিস্তান তেহৰিক-এ-ইনচাফ (পিটিআই) ৰ কৰ্মী সকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়।
বাতৰি অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-এ-ইনচাফৰ অধ্যক্ষ ইমৰান খানে এই মাহৰ আৰম্ভণিতে নেচনেল এচেম্বলি ভংগ কৰা আৰু পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ তাৰিখ দাবী কৰি দীঘলীয়া প্ৰতিবাদী সমদল ঘোষণা কৰিছিল। খানে পঞ্জাৱত প্ৰৱেশ কৰাৰ আগতে হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে খাইবাৰ পাখতুনখোৱাৰ পৰা তেওঁৰ দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰিছিল।
পিটিআই কৰ্মীসকল ইছলামাবাদত উপস্থিত হোৱাৰ লগে লগে, আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পূৰ্বে, ইমৰান খানে তেওঁৰ সমৰ্থকসকলক শ্বেহবাজ শ্বৰীফ চৰকাৰৰ দ্বাৰা নতুন নিৰ্বাচনৰ তাৰিখ ঘোষণা নোহোৱালৈকে ইছলামাবাদ খালী নকৰিবলৈ অনুৰোধ জনাইছিল।
Comments