গুৱাহাটী,২৬ মে':জম্মু-কাশ্মীৰৰ বুদগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কাশ্মীৰৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়িকা অমৃনা ভাটৰ মৃত্যু হয়। আনহাতে উক্ত ঘটনাত তেওঁৰ ভতিজাও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনাটো মধ্য কাশ্মীৰৰ বুদগাম জিলাৰ চাদুৰা অঞ্চলত সংঘটিত হৈছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিনেত্ৰী অমৃনা ভাট আৰু তেওঁৰ ১০ বছৰীয়া ভতিজা ফাৰহানক বুধবাৰে সন্ধিয়া কঙ্গোইপ'ৰা-হুশ্ৰুতত থকা তেওঁলোকৰ ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। তেওঁলোক দুয়োকে লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু অমৃনাই আঘাতপ্ৰাপ্ত হৈ থিতাতেই মৃত্যুবৰণ কৰে।
কাশ্মীৰ আৰক্ষীয়ে টুইটাৰত জনাইছিল যে আক্ৰমণটো বুধবাৰে সন্ধিয়া প্ৰায় ৭:৫৫ বজাত সংঘটিত হৈছিল।নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন এলইটি (লস্কৰ-ই-তৈবা) ৰ তিনিজন সন্ত্ৰাসবাদীয়ে এই জঘন্য আক্ৰমনৰ ঘটনাত জড়িত আছিল।সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা অঞ্চলটো বৰ্তমান ঘেৰাও কৰা হৈছে আৰু নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীসকলক ধৰিবলৈ তালাচী অভিযান আৰম্ভ কৰিছে। এই সংক্ৰান্তীয় এক গোচৰো পঞ্জীয়ন কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হৈছে।
Comments