গুৱাহাটী,২৬ মে':২০২২ চনৰ ২৫ মে'ত দিল্লীস্থিত নিয়াৰ আদালতে বিচ্ছিন্নতাবাদী নেতা তথা সন্ত্ৰাসবাদী য়াছিন মালিকক দণ্ডিত কৰাৰ ঠিক আগতে শ্ৰীনগৰৰ পৰিৱেশ বিকৃত কৰাৰ চেষ্টা কৰা হৈছিল। শ্ৰীনগৰৰ মাইচুমা অঞ্চলত য়াছিন মালিকৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষ আৰম্ভ হৈছিল। য়াছিন মালিকৰ সমৰ্থকসকলে সুৰক্ষা বাহিনীৰ ওপৰত শিল গুটি নিক্ষেপ কৰিছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিৰাপত্তা বাহিনীয়ে বলিষ্ঠ ভূমিকা লৈ ইয়াক দমন কৰিছিল আৰু জনতাক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছৰ লগতে জল বোমা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।
প্ৰশাসনে তাৎক্ষণিক ভাৱে শ্ৰীনগৰত ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ পিছত চহৰখনো বন্ধ কৰি দিয়া হৈছিল।সন্ত্ৰাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰাৰ অভিযোগত আদালতে য়াছিন মালিকক আজীৱন কাৰাদণ্ড প্ৰদান কৰাৰ পিছত হিংসাত্মক প্ৰতিবাদ তীব্ৰতৰ হয়। শাস্তিৰ ৰায় জাৰি হোৱাৰ পিছত, ইছলামবাদীসকলে শাস্তিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল।ইয়াৰ আগতে, আৰক্ষীয়ে য়াছিন মালিকৰ ঘৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছিল। ইয়াত ড্ৰোনৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে।
Comments