গুৱাহাটী, ২৬ মেঃ বৃহস্পতিবাৰে বিনয় কুমাৰ চাক্সেনাই দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে শপত গ্ৰহণ কৰে। বিগত সপ্তাহত অনিল বৈজালে পদত্যাগ কৰাৰ পিছত খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগৰ অধ্যক্ষ চাক্সেনাক ২৩ মে'ত দিল্লীৰ নতুন লেফটেনেণ্ট গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়।
ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত জনোৱা হৈছে যে, "ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৈজালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু বিনয় কুমাৰ চাক্সেনাক নতুন লেফটেনেণ্ট গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে।"
ইপিনে, পাঁচ বছৰ আৰু চাৰি মাহ দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা বৈজালে ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।
আনহাতে, শপত গ্ৰহণৰ পিছত লেফটেনেণ্ট গভৰ্ণৰ চাক্সেনাই কয় যে, "মই স্থানীয় অভিভাৱক হিচাপে কাম কৰি যাম। সকলোৱে মোক ৰাজ নিৱাসতকৈ ৰাস্তাত বেছিকৈ দেখিব। দিল্লীত প্ৰদূষণ এক গুৰুত্বপূৰ্ণ সমস্যা, কেন্দ্ৰ, দিল্লী চৰকাৰ আৰু স্থানীয় নাগৰিকৰ সৈতে এই সমস্যা সমাধানৰ চেষ্টা কৰিব। লগতে, অসংগঠিত খণ্ডত কাম কৰা লোকসকলক প্ৰশিক্ষণ দিয়া হ'ব।"
Comments