গুৱাহাটী, ২৭ মেঃ মধুমেহ ৰোগীসকলে এনে কিছুমান আহাৰৰ পৰা আঁতৰি থাকিব লাগিব, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে।
মধুমেহ ৰোগীসকলে এইসমূহ পাচলি খোৱাৰ পৰা বিৰত থকাই উচিত।
১. আলু
আলুক পাচলিৰ ৰজা বুলি কোৱা হয়, কিয়নো বেছিভাগ তৰকাৰী বা ব্যঞ্জনত ইয়াক ব্যৱহাৰ কৰা হয়। যাৰ ফলত সোৱাদ অতুলনীয় হৈ পৰে। কিন্তু মধুমেহ ৰোগীসকলে ভুলতো আলু খাব নালাগে, কিয়নো ইয়াত কাৰ্বোহাইড্ৰেট আৰু ষ্টাৰ্চৰ পৰিমাণ যথেষ্ট বেছি। ইয়াৰ লগতে, চিপচ, ফ্ৰেঞ্চ ফ্ৰাই, আলুৰ তৰকাৰী বা আলু ব্যৱহাৰ কৰা ব্যঞ্জন এই সকলো বোৰ খাদ্য এৰাই চলিব লাগে।
২. মাকৈ
জুইত ৰন্ধা বা উতলাই মাকৈ খোৱাৰ এক প্ৰৱণতা আছে। ইয়াৰ সোৱাদে বহুলোকক আকৰ্ষিত কৰে, কিন্তু ই মধুমেহ ৰোগীৰ বাবে ই ক্ষতিকাৰক। কিয়নো ই কাৰ্বোহাইড্ৰেটৰ এক সমৃদ্ধ উৎস আৰু মাকৈয়ে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে।
৩. মিঠা আলু
ইয়াত কোনো সন্দেহ নাই যে মিঠা আলু স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু মধুমেহ ৰোগীয়ে ইয়াক খোৱা এৰাই চলিব লাগে। কিয়নো ইয়াত থকা কাৰ্বোহাইড্ৰেট আৰু বিটা কেৰোটিনে মধুমেহ ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যিহেতু ই এক মিঠা বস্তু, ইয়াক মধুমেহ ৰোগীসকলে খোৱাটো উচিত নহয়।
৪. মটৰ
খাদ্যত মটৰ যোগ দিলে ইয়াৰ সোৱাদ বৃদ্ধি হয়, কিন্তু এই পাচলিক কাৰ্বোহাইড্ৰেট আৰু ষ্টাৰ্চৰ এক সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যাৰ বাবে মধুমেহ ৰোগীসকলে ইয়াৰ পৰা আঁতৰি থকাটো ভাল। মটৰ খালে মধুমেহ ৰোগীৰ হজম শক্তি বিনষ্ট হ'ব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments