গুৱাহাটী, ২৫ মেঃ মঙলবাৰে ৰাজ্যৰ কাছাৰ জিলাত বানপানীত ডুব যোৱাৰ ফলত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পায়।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এ এছ ডি এম এ) প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ ১৮ খন জিলাৰ প্ৰায় ৫.৮০ লাখ লোক আৰু ৪৫ টা ৰাজহ চক্ৰ এতিয়াও বানপানীৰ কবলত আছে।
ইয়াৰে, নগাঁও জিলাত ৩.৪৬ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ পিছতে কাছাৰ জিলাত ১.৭৮ লাখ আৰু মৰিগাঁও জিলাত ৪০,৯৪১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
প্ৰতিবেদন অনুসৰি, ৬৪০৯৮.৯২ হেক্টৰ শস্যভূমি আৰু ১৩৭৪ খন গাওঁ এতিয়াও পানীৰ তলত আছে। জিলা প্ৰশাসনে স্থাপন কৰা ৩৪৬ টা সাহায্য শিবিৰত বৰ্তমান মুঠ ৮১,৭১২ জন বানপীড়িত লোকে আশ্ৰয় লৈ আছে।
লগতে, বানপীড়িত জিলাসমূহত প্ৰশাসনে ১৮২ টা সাহায্য বিতৰণ কেন্দ্ৰও স্থাপন কৰিছে।
ইফালে, কপিলী নদীৰ পানীৰ স্তৰ এতিয়াও কামপুৰ আৰু ধৰমতুলত বিপদসীমাৰ ওপৰেৰে বৈ আছে। অৱশ্যে, ৰাজ্যখনৰ বেছিভাগ অঞ্চলত পানীৰ স্তৰ হ্ৰাস পাইছে আৰু মঙলবাৰে বানপীড়িত জিলাৰ সংখ্যাও হ্ৰাস পাইছে।
Comments