গুৱাহাটী, ২৫ মেঃ বৰ্ধিত ইউৰিক এচিডত ভুগি থকা লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰে মুখ্য সমস্যাটো হৈছে গাঁঠিৰ বিষ। লগতে, বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত, বিশেষজ্ঞসকলে বৰ্ধিত ইউৰিক এচিডক নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শ দিয়ে।
অত্যাধিক সুৰা পান কৰা, ওজন বেছি হোৱা আদিৰ বাবেও ইউৰিক এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত, সকলোৱে নিজৰ আহাৰৰ বিশেষ যতন লোৱা উচিত।
বৰ্ধিত ইউৰিক এচিডত আক্রান্ত লোকসকলৰ বাবে বিশেষ খাদ্য সামগ্রী কেইবিধঃ
১. আপেল
এই ফলটোত বহু প্ৰকাৰৰ পুষ্টি থাকে। আপেলত আঁহ, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন থাকে, যি বৰ্ধিত ইউৰিক এচিড থকা ৰোগীৰ বাবে উপকাৰী। বিশেষজ্ঞসকলে সদায়ে দৈনিক এটা আপেল খাবলৈ পৰামৰ্শ দিয়ে, যাৰ ফলত স্বাস্থ্য উন্নত হৈ থাকে।
২. নাচপতি
নাচপতি খালে শৰীৰৰ হাড়বোৰ অতি শক্তিশালী হৈ পৰে। ই ৰক্তহীনতাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। একে সময়তে, মধুমেহ হ'লেও বিশেষজ্ঞসকলে নাচপাতি খাবলৈ পৰামৰ্শ দিয়ে। বৰ্ধিত ইউৰিক এচিডত নাচপতিয়ে যথেষ্ট উপকৃত কৰিব।
৩. গ্ৰীণ টি
যোৱা কেইবছৰমানত সেউজীয়া চাহ অৰ্থাৎ গ্ৰীণ টি খোৱাৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। ই মানুহৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। লগতে, গ্ৰীণ টিৰ জৰিয়তে শৰীৰত বৰ্ধিত ইউৰিক এচিড হ্ৰাস হয়।
৪. আভাকাডো
আভাকাডো দেখিবলৈ কিছু পৰিমাণে নাচপাতিৰ দৰে। ইয়াৰ ভিতৰত এটা ডাঙৰ বীজ আছে। ই ভিতৰৰ ফালে অতি কোমল আৰু বাহিৰত কঠিন। যতি কোনোবাই বৰ্ধিত ইউৰিক এচিডৰ সমস্যাত ভুগি আছে, তেন্তে আভাকাডোই তেওঁক যথেষ্ট লাভান্বিত কৰিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments