গুৱাহাটী,২৫ মে':অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক ৷ নিজকে সংখ্যালঘু নেতা বুলি দাবী কৰা কামৰুজ জামান সৰকাৰ নামৰ যুৱকজনে মঙলবাৰে জিলা আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায় ৷
যুৱকজনৰ এই কাৰ্যত আৰক্ষীয়ে প্ৰথমে তেওঁক আটক কৰি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে, পূৰ্বে নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কেৱল এয়াই নহয়, লাভ কৰিছিল দুজনকৈ দেহৰক্ষীও ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷
উল্লেখ্য যে, স্বয়ম্ভূ নেতাজনৰ বিৰুদ্ধে ইতিপূৰ্বে উত্থাপিত হৈছে বহু অভিযোগ ৷ ধন দাবী, ভয়-ভাবুকি, বহু লোকক হাৰাশাস্তি আদি বহু অভিযোগত জিলাখনৰ বহুকেইখন থানাত কামৰুজ জামান সৰকাৰৰ বিৰুদ্ধে ৰুজু হৈ আছে একাধিক গোচৰ ৷ সম্প্ৰতি নগাঁও সদৰ থানাত কামৰুজক চলোৱা হৈছে জেৰা ৷
Comments