গুৱাহাটী,২৫ মে':চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত তথা ঐতিহাসিক পটভূমিত নিৰ্মিত ছবি “পৃথ্বীৰাজ” অহা জুন মাহত মুক্তি লাভ কৰিব। ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ পিছৰে পৰা নিৰ্মাতা সকলে যথেষ্ট উৎসাহেৰে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে।চলচ্চিত্ৰ নিৰ্মাতা আদিত্য চোপ্ৰাই দ্বাদশ শতিকাৰ দিল্লী,আজমেৰ আৰু কনৌজক নতুনকৈ “পৃথ্বীৰাজ”ৰ বাবে নিৰ্মাণ কৰাৰ বাবদ প্ৰায় ২৫ কোটি টকা ব্যয় কৰিছিল।
সম্ৰাট পৃথ্বীৰাজ চৌহানৰ ৰাজধানী আছিল দিল্লী। সেয়েহে দ্বাদশ শতিকাৰ দিল্লী, আজমেৰ আৰু কনৌজক পুনৰ নিৰ্মাণ কৰাটো চলচ্চিত্ৰ খনৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল,যাতে লোকসকলক প্ৰমাণিকভাৱে দেখুৱাব পৰা যায় যে সেই চহৰসমূহ তেওঁলোকৰ শাসনকালত কিমান সুন্দৰ আছিল।
চলচ্চিত্ৰখনৰ ছেটৰ বিষয়ে কথা পাতি পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে কয় যে, “আদিত্য চোপ্ৰাই দিল্লী, আজমেৰ আৰু কনৌজক পুনৰ নিৰ্মাণ কৰাৰ আটাইতকৈ কঠিন কামটো নিজৰ তাত ৰাখিছিল আৰু এই বিশাল ছেটটোৰ সফল সৃষ্টিৰ বাবে মই সমগ্ৰ ছেট-ডিজাইন দলটোক অভিনন্দন জনাইছোঁ। ৯০০ জন শ্ৰমিকে এই চহৰসমূহ নিৰ্মাণৰ বাবে প্ৰায় আঠ মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল, যিটো আমাৰ সকলোৰে বাবে এক অলৌকিক ঘটনা আছিল।"ছবিখনত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজৰ ১১৯১-৯২ চনৰ ঐতিহাসিক যুদ্ধকো প্ৰদৰ্শন কৰিব।বলীউড অভিনেতা অক্ষয় কুমাৰক ইয়াৰ মুখ্য চৰিত্ৰত দেখা যাব।
Comments