Classifieds
View All
নলবাৰী,২৫ মে': নলবাৰী চহৰৰ নাগেৰা চ'কত শ্ৰমিকসকলৰ প্ৰতিবাদ।নলবাৰী চেম্বাৰ্চ অফ কমাৰ্চৰ বিৰুদ্ধে সোচ্ছাৰ শ্ৰমিক সকল।উল্লেখ্য যে বিগত ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰত চেম্বাৰ্চ অফ কমাৰ্চৰ সৈতে থকা শ্ৰমিক সকলৰ মজুৰিৰ চুক্তিৰ পৰিছিল অন্ত।
সময় সীমা উকলি যোৱাৰ পিছতো শ্ৰমিক সকলৰ মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত এই পৰ্য্যন্ত চেম্বাৰ্চ অফ কৰ্মাৰ্চে কৰা নাই কোনো চুক্তিত স্বাক্ষৰ।যাৰ বাবে ক্ষোভত ফাটি পৰিছে এই সকল শ্ৰমিক।আৰু শ্ৰমিকৰ ৪০ শতাংশ মজুৰি বৃদ্ধিৰ দাবীত আজি শ্ৰমিক সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্য্যন্ত শ্ৰমিক সকলে ঘোষণা কৰিলে কৰ্ম বিৰতিৰ কথা।
Comments